ETV Bharat / state

Rahul Gandhi Birthday Celebration: বৃদ্ধাশ্ৰমত ৰাহুল গান্ধীৰ জন্মদিন পালন কংগ্ৰেছৰ

author img

By

Published : Jun 19, 2023, 10:49 PM IST

বৃদ্ধাশ্ৰমত ৰাহুল গান্ধীৰ জন্মদিন পালন কংগ্ৰেছৰ ৷ সোমবাৰে মহানগৰীৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধা আৱাসত APCCৰ বিচাৰ বিভাগৰ উদ্যোগত বিশেষ অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেতা অতুল পাচনি ৷

Rahul Gandhi Birthday Celebration
বৃদ্ধাশ্ৰমত ৰাহুল গান্ধীৰ জন্মদিন পালন কংগ্ৰেছৰ

গুৱাহাটী ১৯ জুন: আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ জন্মদিন । কংগ্ৰেছৰ নেতা গৰাকীৰ জন্মদিন উপলক্ষ্যে প্ৰদেশ কংগ্ৰেছৰ নেতা সকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে ৷ APCCৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্ত লোকক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে সোমবাৰে বিয়লি মহানগৰীৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধা আৱাসত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিচাৰ বিভাগৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধা আৱাসত ‘গীতে-মাতে এসন্ধিয়া’ শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিচাৰ বিভাগে । বিচাৰ বিভাগৰ অধ্যক্ষ ইমদাদ হুছেইনে সঞ্চালনা কৰা উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা অতুল পাচনি উপস্থিত থাকে ৷ বিশিষ্ট অভিনেতা অতুল পাচনিয়ে স্বভাৱ সুলভ ৰসিকতাৰে উপস্থিত আবাসী তথা ককা-আইতাসকলক হাঁহিৰ খোৰাক যোগায় ।

অনুষ্ঠানটোত বিশিষ্ট কণ্ঠশিল্পী হুমায়ুন চৌধুৰী আৰু বিশেষ ভাবে সক্ষম শিল্পী শ্বাহিদ আফ্ৰিদিয়ে কেইবাটিও গীত পৰিৱেশন কৰে ৷ তদুপৰিও কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত্ৰী তথা ‘বিদেশত আপোন মানুহ’ নামৰ ধাৰাবাহিকৰ জৰিয়তে পৰিচিত ববিতা শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডঃ সঞ্জু বৰা আৰু বিচাৰ বিভাগৰ অধ্যক্ষ ইমদাদ হুছেইনে এটিকৈ গীত পৰিৱেশন কৰে । বাঁহী বাদন কৰে মদন শৰ্মাই ।

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এটি ঘোষা পৰিৱেশন কৰি পৰিৱেশটোক গাম্ভীৰ্যতা প্ৰদান কৰে । অনুষ্ঠানটোত অংশ লয় প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি গুণকান্ত গগৈ, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, মানস বৰা, সম্পাদক প্ৰফুল্ল কুমাৰ দাস, কৃদীপ বৰ্মন, মুস্তাক গোলাম ওছমানী, গীতালি দাস, মইনাজান বেগম, ছাহিল নাৱাজকে ধৰি বহু কেইগৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে । উক্ত অনুষ্ঠানতে ককা-আইতা সকলৰ মাজত কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰা হয় ।

লগতে পঢ়ক:Assam flood 2023: বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ 18 জিলাৰ 34 হাজাৰৰো অধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.