ETV Bharat / state

Union budget 2023: কেন্দ্ৰীয় বাজেটে কিদৰে লাভান্বিত কৰিব উত্তৰ পূৰ্বাঞ্চলক ?

author img

By

Published : Feb 1, 2023, 5:04 PM IST

বুধাবাৰে সংসদৰ বাজেট অধিবেশনত নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Union budget 2023) ৷ বাজেটত 7 লাখ টকালৈকে আয়কৰ ৰেহাই, ম’বাইল, কাপোৰ, ইলেক্ট্ৰনিক সামগ্ৰী আদিৰ মূল্য হ্ৰাস কৰাৰ লগতে প্ৰায় 80 কোটি দৰিদ্ৰ জনতাক এছৰৰ বাবে বিনামূলীয়া ৰেচন প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা হৈছে ৷ কিন্তু এই বাজেটে উত্তৰ-পূবক লাভান্বিত কৰিব নে ? এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিসকলে কিদৰে বিশ্লেষণ আগবঢ়াইছে জানো আহক (Union budget 2023-24)৷

Union budget 2023
কেন্দ্ৰীয় বাজেটে কিদৰে লাভান্বিত কৰিব উত্তৰ পূৰ্বাঞ্চলক

গুৱাহাটী, 1 ফ্ৰেব্ৰুৱাৰী: মঙলবাৰৰ পৰা আৰম্ভ হৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট অধিবেশন । ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিবেশনত বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে তেওঁৰ চলিত কাৰ্যকালৰ অন্তিমখন বাজেট । বাজেটত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰে (Union budget highlights) ।

বুধবাৰে উত্থাপন কৰা বাজেটত আন্তগাঁঠনি উন্নয়ন, ৰেলৱে’ খণ্ডৰ উন্নয়ন, মীন পালন, কৃষিখণ্ড, স্বাস্থ্য খণ্ড উন্নয়নৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত বাজেটত পূঁজি ধাৰ্য কৰা হয় । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট উত্থাপন কৰাৰ পিচত Confederation of Indian industry চমুকৈ CII য়ে কেন্দ্ৰীয় বাজেটক লৈ সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰে CII ৰ উত্তৰ-পূব পৰিষদৰ প্ৰাক্তন অধ্যক্ষ অভিজিৎ বৰুৱা আৰু শিক্ষাবিদ অৰ্থনীতিবীদ ড৹ শান্তিকাম হাজৰিকাই । এইবাৰৰ বাজেটক লৈ কিদৰে উত্তৰ-পূব লাভাম্বিত হ’ব সেই সম্পৰ্কে বাখ্যা দিয়ে দুয়োজনে (Reaction on Union Budget 2023-24) ।

অভিজিৎ বৰুৱাই কয় যে, আজিৰ বাজেটে উত্তৰ-পূৰ্বাঞ্চলক বিশেষভাৱে উপকৃত কৰিব । বাজেটত 20 লাখ কোটি টকা আন্তঃগাঁঠনি উন্নয়নৰ বাবে ধাৰ্য কৰা হৈছে । ইয়াৰ 10% উত্তৰ-পূবলৈ আহিলে উত্তৰ-পূৰ্বাঞ্চল উপকৃত হ’ব (Fund for Infrastructural development in Union Budget) । কিয়নো বৰ্তমান উত্তৰ-পূবত আন্তঃগাঁঠনি উন্নয়নৰ কাম চলি আছে । আনহাতে 2 লাখ 40 হাজাৰ কোটি টকা ৰেলৱে’ আন্তঃগাঁঠনিৰ বাবে বাজেটত ধাৰ্য কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ৷ ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চল লাভান্বিত হ’ব । উত্তৰ-পূবত ৰেলৱেৰ বিভিন্ন প্ৰকল্পৰ কাম চলি আছে । বাজেটৰ ধন পালে সেই প্ৰকল্পবোৰ ক্ষিপ্ৰ গতিত আগবাঢ়িব বুলি আশা কৰিব পাৰি বুলি বৰুৱাই কয় (Railway Fund in Union budget) ।

লগতে পঢ়ক: Union Budget 2023 : মধ্যবিত্তৰ বাবে বৃহৎ সকাহ : 7 লাখলৈকে আয়কৰ শূন্য

ইয়াৰ লগতে, বাজেটত 8 হাজাৰ কোটি টকা মীন পালনৰ বাবে ধাৰ্য কৰা হৈছে । ইয়াৰ পৰা অসম উপকৃত হ’ব । আনহাতে বাজেটত 157 খন নাৰ্ছিং কলেজ স্থাপনৰ বাবেও পূঁজি ধাৰ্য কৰা হৈছে । তাৰ ভিতৰত 15 ৰ পৰা 20 খন কলেজ উত্তৰ-পূবত স্থাপন হ’লে যথেষ্ট লাভ হ’ব বুলি অভিজিৎ বৰুৱাই কয় । কৃষিৰ ক্ষেত্ৰতো পূৰ্বতকৈ অসম লাভান্বিত হোৱাৰ লগতে আত্ম সহায়ক গোটৰ বাবে বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি তেওঁ উল্লেখ কৰে । ইপিনে 19,200 কোটি টকাৰ গ্ৰীণ হাইড্ৰ’জেন এনাৰ্জিৰ বাবে বাজেটত ধাৰ্য কৰাৰ বাবে অসম লাভান্বিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ কাৰণ ইতিমধ্যে NRL, Oil India ই গ্ৰীণ এনাৰ্জিৰ বাবে কাম কৰি আছে (Union budget tax slab)।

সংবাদমেলত ড৹ শান্তিকাম হাজৰিকাই কয় যে, সাধাৰণ লোকক এই বাজেটে বিশেষ সকাহ নিদিয়ে । দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই বাজেটে বিশেষ গুৰুত্ব নিদিলে । সামগ্ৰিকভাৱে আয়কৰৰ ক্ষেত্ৰত সঁহাৰি দিছে বাজেটে । বাজেটত পৰিৱেশক লৈ বিশেষ গুৰুত্ব দিয়া নহ’ল । আন্তঃগাঁঠনি উন্নয়নৰ লগতে পৰিৱেশক বাদ দিব নোৱাৰি বুলি উল্লেখ কৰি হাজৰিকাই কয় যে, দুয়োটাৰ মাজত ভাৰসাম্যৰ প্ৰয়োজন ।

লগতে পঢ়ক: Union Budget 2023 : কৃষি ষ্টাৰ্ট-আপ বৃদ্ধিৰ বাবে বিশেষ পুঁজি ঘোষণা বিত্ত মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.