গুৱাহাটী, 15 ডিচেম্বৰঃ দেওবাৰে মহানগৰীৰ হাটীগাঁৱত ৰাইজে চেম ষ্টেফৰ্ড নামৰ যুৱকজনৰ শোক সভাৰ আয়োজন কৰে ৷ 12 ডিচেম্বৰৰ দিনা আৰক্ষীৰ গুলীত নিহত হৈছিল চেম ষ্টেফৰ্ড নামৰ যুৱকজন ৷
লতাশিল খেল পথাৰত অনুষ্ঠিত হোৱা এক চি(এ)এ বিৰেধী প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘূৰি আহোতেই এই ঘটনা সংঘটিত হৈছিল ৷ উল্লেখ্য যে, আজি হাটীগাঁৱৰ ৰাইজে চেমৰ মৃত্যুৰ শোকত এক মৌন সমদল উলিয়াব বিচাৰিছিল যদিও আৰক্ষীয়ে বাধা দিয়াত লোকসকলে ৰাজপথতে বহি দিয়ে ৷ আৰু অতি শীঘ্ৰে যুৱক জন গুলীবিদ্ধ হোৱা ঠাইডোখৰত শ্বহীদ বেদী নিৰ্মাণ কৰাৰ দাবী জনাই স্থানীয় লোক সকলে ।