গুৱাহাটী,3 মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন । এই অধিৱেশনতে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰিব বাজেট ৷ বিজেপি চৰকাৰৰ কাৰ্যকালৰ অন্তিমখন বাজেটৰ প্ৰতি এতিয়া দৃষ্টি আৱদ্ধ হৈছে সকলোৰে ৷ কি থাকিব এইবাৰৰ বাজেটত, ৰাইজে কি বিচাৰে বাজেটখনৰ পৰা ! সাধাৰণ ৰাইজক কেনেধৰণৰ বাজেটৰ প্ৰয়োজন সেই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷
সাধাৰণ জনতা হিচাপে ৰাজ্যৰ একাংশ গৃহিণীয়ে বাজেটত ৰান্ধনীঘৰৰ সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ মূল্য হ্ৰাস পোৱাটো বিচাৰিছে । গৃহ নিৰ্মাণৰ সামগ্ৰী বিশেষকৈ চিমেণ্ট, ইটা, ৰ’ড, শিল, বালি আদিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত বৰ্তমান মহানগৰীত সপোনৰ ঘৰ ক্ৰয় বা নিৰ্মাণ কৰাটো একপ্ৰকাৰ সপোন হৈ ৰৈছে বহুতৰ বাবে । সাধাৰণ লোক এজনে যাতে মহানগৰীত নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ সক্ষম হয় তাৰবাবে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ নিয়ন্ত্ৰণ বাঞ্ছনীয় বুলি মতপোষণ কৰে সাধাৰণ জনতায়ে ।
আনহাতে,দেশৰ কেইবাখনো ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত প্ৰযোজ্য কৰ অসমৰ তুলনাত কম । অসম খাৰুৱা তেল উৎপাদনত চহকী ৰাজ্য হিচাবে অসমতো হ্ৰাস হ'ব লাগে পেট্ৰ’ল-ডিজেলৰ কৰ ৷ 6 মাৰ্চত দাখিল হ’বলগীয়া বাজেটখনৰ পৰা এই আশা কৰে সাধাৰণ জনসাধাৰণে ।
ইফালে, সোমবাৰৰ পৰা আৰম্ভ হোৱা ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশনৰ সময়ত বিধানসভাৰ ভিতৰত বিৰোধী দলসমূহে শাসকীয় বিজেপি দলক তীব্র সমালোচনা কৰি প্ৰতিবাদ কৰে ৷ সমান্তৰালকৈ বিভিন্ন দল-সংগঠনেয়ো স্বকীয় দাবীসমূহ লৈ বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে চাওকঃবিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনা লাষ্ট গেটত উত্তাল প্ৰতিবাদ