ETV Bharat / state

কৃষি অৰ্থনীতি সৱল কৰাৰ সম্ভাৱনাৰে পুষ্ট অসমঃ মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : May 17, 2020, 10:47 AM IST

সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত দুৰ্নীতিৰ শীঘ্ৰে তদন্ত হোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

CM visit kahikushi krishi vigyan Kendra
কৃষি অৰ্থনীতি সৱল কৰাৰ সম্ভাৱনাৰে পুষ্ট অসমঃ মুখ্যমন্ত্ৰী সোণোৱাল

দক্ষিণ কামৰূপ,17 মেঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল । শনিবাৰে বিয়লি মহানগৰীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষিমন্ত্ৰী অতুল বৰাৰ সৈতে সংবাদমেলত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইয়াৰ উপৰিও এই সংবাদমেলত জিলাখনৰ পাঁচগৰাকী কৃষকক পাৱাৰ টিলাৰ প্ৰদান কৰাৰ উপৰিও কেইবাগৰাকীও কৃষকক কৃষি সামগ্ৰী প্ৰদান কৰা হয় । ইয়াৰ পিছতেই বিশ্ববিদ্যালয়খনৰ চৌহদত থকা খেতিপথাৰ সমূহ পৰিদৰ্শন কৰি কৃষি বিজ্ঞানীসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ।

অসম কৃষি বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী সোণোৱাল

উল্লেখ্য যে, সংবাদমেলৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত দুৰ্নীতিৰ শীঘ্ৰে তদন্ত হোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে । আনহাতে, লক ডাউনৰ সময়ছোৱাত বিশেষ অভিজ্ঞতাৰে এডৰা মাটিতে তিনিবাৰকৈ খেতি কৰিব পৰা পৰ্যায়লৈ নি কৃষকসকলৰ জৰিয়তে কৃষি খণ্ডক দেশৰ ভিতৰতে অনন্য ৰূপত সজোৱাৰ পৰিকল্পনা কৰি থকাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ বাবে যুৱচামক আগবাঢ়ি আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক-নতুনকৈ নিলাম হ'ব ছয়টাকৈ বিমানবন্দৰঃ নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.