ETV Bharat / state

আই এছ বি টিত যাত্ৰীৰে মত বিনিময় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - আইএছবিটি

আন্তঃজিলা যাতায়াতৰ মাধ্যমেৰে যাত্ৰা কৰিবলগীয়া লোকৰ মনৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে মহানগৰীৰ বেতকুছিস্থিত আইএছবিটি চৌহদ পৰিদৰ্শন কৰে ৷ উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সংগ প্ৰদান কৰে উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

CM visit ISBT Guwahati
আইএছবিটিত মুখ্যমন্ত্ৰী
author img

By

Published : May 6, 2020, 10:09 AM IST

Updated : May 6, 2020, 1:02 PM IST

গুৱাহাটী,6 মে’ঃ ৰাজ্যত পৰিবহণ নিগমৰ আন্তঃজিলা যাতায়ত ব্যৱস্থা বৰ্তমানেও অব্যাহত আছে । মহানগৰীৰ আইএছবিটিৰ পৰা নিগমৰ বাছৰে গুৱাহাটীত আৱদ্ধ অন্য জিলাৰ লোকসকলক অহৰহ প্ৰেৰণ কৰা হৈছে নিজ ঘৰলৈ । মঙলবাৰে বেতকুছিস্থিত আইএছবিটি চৌহদ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

আইএছবিটিত মুখ্যমন্ত্ৰী

চৌহদটোত উপস্থিত থকা যাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে পৰিৱহণ ব্যৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে, যাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় মন্ত্ৰী-বিষয়াক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে । মুখ্যমন্ত্ৰীৰ লগত উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ পৰিৱহণ তথা উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।

লগতে চাওকঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাজু জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰ

Last Updated : May 6, 2020, 1:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.