ETV Bharat / state

COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ

ৰাজ্যত পুনৰ COVID-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে বৃহস্পতিবাৰে প্ৰতিষেধক গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । প্ৰতিষেধক গ্ৰহণ কৰি তেওঁ কয় যে, COVID-১৯ৰ প্ৰতিষেধকে মহামাৰীৰে যুঁজ দিয়াত সহায় কৰিব । লগতে সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বৃহস্পতিবাৰে COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Apr 8, 2021, 4:54 PM IST

গুৱাহাটী, ৮ এপ্ৰিল: সমগ্ৰ দেশতে পুনৰ COVID-১৯ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অসমতো ক্ৰমান্বয়ে পৰিস্থিতি বেয়াৰ ফালে গতি কৰিছে । পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । এতিয়ালৈকে ৰাজ্যখনত প্ৰায় ২,১৯,০২৭ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । যোৱা ২৪ ঘণ্টাত অসমত ১৯৫ জন লোক মহামাৰীৰ কবলত পৰিছে ।

আনহাতে, নিৰ্বাচনী ব্যস্ততা অন্ত পৰাৰ পিছত অৱশেষত বৃহস্পতিবাৰে COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । প্ৰতিষেধক গ্ৰহণ কৰা সময়ৰ ফটো টুইটযোগে শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । COVID-১৯ৰ প্ৰতিষেধক সুৰক্ষিত আৰু এই প্ৰতিষেধকে মহামাৰীৰে যুঁজ দিয়াত সকলোকে সহায় কৰিব বুলিও তেওঁ টুইটত উল্লেখ কৰে ।

  • Took my first shot of #COVID19 vaccine at GMCH.

    Vaccines are safe and will help us defeat this pandemic. I urge all eligible persons of the state to get vaccinated and continue following safety precautions. pic.twitter.com/xb2YI5MFJz

    — Sarbananda Sonowal (@sarbanandsonwal) April 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰতিষেধক লাভৰ বাবে যোগ্য প্ৰতিগৰাকী লোককে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আৰু মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ সাৱধনতা অৱলম্বন কৰিবলৈ তেওঁ আহ্বান জনায় । উল্লেখ্য যে, মহাৰাষ্ট্ৰ, ছত্তিশগড়, কৰ্ণাটক, দিল্লীৰ লগতে আন কেইবাখনো ৰাজ্যত কৰ'ণাৰ তৃতীয় ঢৌৱে স্পৰ্শ কৰাৰ পিছত অসমকো প্ৰভাৱিত কৰিছে ।

ৰাজ্যৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে আৰু মহামাৰীৰ সংক্ৰমণ ৰুধিবলৈ স্বাস্থ্যবিধি মানি চলাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক:তিনি তৰপীয়া সুৰক্ষা বেষ্টনীৰ মাজত শোণিতপুৰ জিলাৰ ষ্ট্ৰং ৰুম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.