ETV Bharat / state

ACS বিষয়া চাইবুৰ ৰহমানৰ বিলাসী অট্টালিকাত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান - APS বিষয়া ৰজি কলিতা

পুৱাৰে পৰাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চাইবুৰ ৰহমানৰ গুৱাহাটীস্থিত হাতীগাঁও আৰু বেলতলাৰ বিলাসী বাসগৃহত ব্যাপক অভিযান চলায় । অভিযান কালত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী দলটোৱে বহু সা-সম্পত্তি আৰু নথি-পত্র উদ্ধাৰ কৰিবলৈ সক্ষম হয় । চাইবুৰ ৰহমানৰ পত্নীক লগত লৈ তদন্তকাৰী দলটোৱে চলাই এই অভিযান ।

cm special vigilance cell raid
ACS বিষয়া চাইবুৰ ৰহমানৰ বিলাসী অট্টালিকাত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান
author img

By

Published : Aug 25, 2021, 7:50 PM IST

গুৱাহাটী,২৫ আগষ্ট : আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ (ACS) বিষয়া চাইবুৰ ৰহমানৰ বিশাল সম্পত্তি সন্দৰ্ভত ব্যাপক অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে । বিষয়াজনৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত অসামঞ্জস্যপূৰ্ণ সম্পদ সংগ্ৰহ কৰাৰ অভিযোগত মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল ।

ACS বিষয়া চাইবুৰ ৰহমানৰ বিলাসী অট্টালিকাত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান

বুধবাৰে পুৱাৰে পৰাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চাইবুৰ ৰহমানৰ গুৱাহাটীস্থিত হাতীগাঁও আৰু বেলতলাৰ বিলাসী বাসগৃহত ব্যাপক অভিযান চলায় । অভিযান কালত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী দলটোৱে বহু সা-সম্পত্তি আৰু নথি-পত্র উদ্ধাৰ কৰিবলৈ সক্ষম হয় । চাইবুৰ ৰহমানৰ পত্নীক লগত লৈ তদন্তকাৰী দলটোৱে এই অভিযান চলায় ।

APS বিষয়া ৰ'জি কলিতাই জনোৱা মতে, গুৱাহাটী মহানগৰীৰ ২৬ টা স্থানত চাইবুৰ ৰহমানৰ স্থাৱৰ সম্পত্তি আছে । বিভিন্ন জিলাৰ ৮৯ টা স্থানত আছে বিশাল সম্পত্তি । অভিযানকালত তদন্তকাৰী দলটোৱে বহু নথিপত্র আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে ৷

লগতে পঢ়ক: অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ

APS বিষয়া ৰ'জি কলিতাই কয়, বিষয়াজনৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । মুখ্যমন্ত্রীয়েও আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অতি কম দিনৰ ভিতৰত বিতৰ্কিত ACS বিষয়াজনৰ বিৰুদ্ধে ছাৰ্জশ্বিট দাখিল কৰিব বুলি জানিবলৈ দিয়ে APS বিষয়া গৰাকীয়ে ৷

ইফালে, চাইবুৰ ৰহমানৰ পত্নী মীনাক্ষী ৰহমানে বিধানসভা নিৰ্বাচনত এআইইউডিএফ হৈ অৱতীৰ্ণ হোৱাৰ সময়ত দাখিল কৰা সম্পত্তিৰ তালিকাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযানত বিশেষ সহায় কৰিছে । ডিমা হাছাওত আৰ.এইছ খানৰ লগত মিলি চাইবুৰ ৰহমানে বহু কোটি টকা আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে তদাৰকী কোষে ।

চাইবুৰ ৰহমানৰ পত্নীৰ লগতে আত্মীয়ৰ নামতো বহুতো বেনামী সম্পত্তি আছে আৰু সকলোতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলাব বুলি জানিবলৈ দিয়ে APS ৰ'জি কলিতাই ।

লগতে পঢ়ক : পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যাব পাৰে বড়ো ভূমিৰ শাসনৰ বাঘজৰী !

উল্লেখ যে, ২০০২ চনৰ ২৩ জুনৰ পৰা ২০২১ চনৰ ৪ এপ্ৰিলৰ এই সময়চোৱাৰ আয় আৰু সম্পত্তি অনুসন্ধানৰ সময়ত চাইবুৰ ৰহমানৰ নিজৰ নামত তথা তেওঁৰ দুই পত্নীৰ নামত ৮৯ টা স্থাৱৰ সম্পত্তিৰ পঞ্জীয়ন দেখা গৈছিল । যাৰ মূল্য ১০০ কোটিৰো অধিক । সেই সময়ত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ৰূপে থকা চাইবুৰ ৰহমানে "অবৈধ আৰু দুৰ্নীতিপূৰ্ণ উপায়েৰে বৃহৎ সম্পত্তি" অৰ্জন কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰি আছিল ।

এই অনুসন্ধানত ৬.৩৮ কোটি টকাৰো অধিক মূল্যৰ স্থানান্তৰযোগ্য আৰু অস্থাৱৰ সম্পত্তি উদ্ধাৰ কৰা হয় । যি ৰহমানৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত ৯৫ শতাংশ অসামঞ্জস্যপূৰ্ণ আছিল । তেওঁৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ (সংশোধনী) আইন ২০১৮ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক: দিছপুৰৰ বৰঘৰত চোৰৰ টিঘিলঘিলনী

ACS বিষয়াজনৰ বিৰুদ্ধে তথ্য পোৱাৰ পিছতে Case no- 01/ 2021/ U/S 420/ 406/ 409 IPC R/W sec 13(1)(b)/ 2(c) গোচৰ ৰুজু কৰি মঙলবাৰে চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৷ ইতিমধ্যে আদালতে ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে চাইবুৰ ৰহমানক । উল্লেখ্য যে, চাইবুৰ ৰহমান শেহতীয়াকৈ সংখ্যালঘু আৰু উন্নয়ন বিভাগৰ কল্যাণ বিভাগত উপ-সচিব হিচাপে নিযুক্ত হৈ আছিল ।

লগতে পঢ়ক: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.