ETV Bharat / state

আমিনগাঁৱত চিলাৰায়ক সোঁৱৰণ মুখ্যমন্ত্ৰী সোণোৱালৰ

আমিনগাঁৱত মহাবীৰ চিলাৰায়ৰ 511 সংখ্যক জন্ম জয়ন্তীৰ আয়োজন ৷ অনুষ্ঠানত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোঁচ ৰাজবংশী সন্মিলনীৰ সহযোগত আমিনগাঁও চিলাৰায় উদ্যানত আয়োজন কৰা হৈছে চিলাৰায়ৰ 511 সংখ্যক জন্ম জয়ন্তীৰ ৷

cm sonowal paid tribute to silarai
cm sonowal paid tribute to silarai
author img

By

Published : Feb 27, 2021, 2:27 PM IST

বাইহাটা,27 ফেব্ৰুৱাৰী: শনিবাৰে ৰাজ্যবাসীয়ে গভীৰভাৱে মহাবীৰ চিলাৰায়ক স্মৰণ কৰে ৷ মহাবীৰ চিলাৰায়ৰ 511 সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোঁচ ৰাজবংশী সন্মিলনীৰ সহযোগত আমিনগাঁও চিলাৰায় উদ্যানত মহাবীৰ গৰাকীৰ 511 সংখ্যক জন্ম জয়ন্তীৰ আয়োজন কৰা হয় ৷

আমিনগাঁৱৰ চিলাৰায় দিৱসত উপস্থিত হৈ বীৰ চিলাৰায়ৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰি মুখ্যমন্ত্ৰী সোণোৱালে মহাবীৰ গৰাকীক স্মৰণ কৰে ৷ বীৰ গৰাকীক স্মৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বীৰ চিলাৰায়ে যেনেদৰে মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে বৰ অসম প্ৰতিষ্ঠা কৰিছিল ঠিকে সেইদৰে আমিও গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিশ্বৰ বুকুত অসমক প্ৰতিষ্ঠা কৰিম ।

উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী, বিশিষ্ট সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকা, মধুসুধন মেধি, হেমাঙ্গ ঠাকুৰীয়া, প্ৰনৱ নাৰায়ন দেৱকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: পূৰ্বৰ বিপিএফ চৰকাৰক কঠোৰ সমালোচনা প্ৰমোড বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.