গুৱাহাটী, ১১ জুন: এজাক বৰষুণ দিলেই ৰাজধানী চহৰ গুৱাহাটীত কৃত্ৰিম বানৰ কবলত পৰাটো তেনেই স্বাভাৱিক ঘটনা ৷ সেইদৰে ভূমিস্খলনৰ ঘটনাও গুৱাহাটীৰ বাবে নতুন নহয় ৷ এজাক বৰষুণ দিলেই গুৱাহাটীৰ নলা-নৰ্দমা, আৱৰ্জনা আৰু পাহাৰৰ মাটিৰে ভৰি পৰে৷ সমান্তৰালকৈ ঠায়ে ঠায়ে সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷
বছৰৰ পাচত বছৰ ধৰি গুৱাহাটীবাসীয়ে এই সমস্যাৰে যুঁজি আহিছে যদিও চৰকাৰেও এই সমস্যা সমাধানৰ বাবে বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে ৷ কিন্তু এতিয়ালৈকে ইয়াৰ কোনো সমাধান সূত্ৰ ওলোৱা নাই ৷ এক কথাত চৰকাৰখনো ভাগৰি পৰিছে ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই সমস্যাক 'ডাঙৰ সমস্যা' আখ্যা দিয়ে ৷ দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেঞ্চযোগে জিলা আয়ুক্ত সকলৰে সাম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ লোৱা প্ৰস্তুতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে ৷ সেই আলোচনাত গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী, ভূমিস্খলন আৰু আৱৰ্জনাৰ প্ৰসংগ উত্থাপন কৰে ৷
কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে বিভাগীয় আন বিষয়াসকলে গুৱাহাটীৰ এই সমস্যাৰ বিষয়ে এটাৰ পাচত আনটোকৈ সবিশেষ উল্লেখ কৰাৰ পাচতে মুখ্যমন্ত্ৰীয়ে কিছু সময় ৰৈ দীঘলীয়া এটা উশাহ লৈ কয়, 'ডাঙৰ সমস্যা' ৷
উল্লেখ্য যে, গুৱাহাটীৰ ভূমিস্খলনৰ প্ৰসংগত জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই মুখ্যমন্ত্ৰীক অৱগত কৰে যে বিগত বৰ্ষত গুৱাহাটীত ৮৭ টা ভূমিস্খলন হৈছিল ৷ বিগত বৰ্ষত ভূমিস্খলনৰ বাবে ৪ টা আৰু কৃত্ৰিম বানৰ বাবে এটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছিল ৷ জিলা আয়ুক্তগৰাকীয়ে ২০১৮ চনত কৰা এটা সমীক্ষাৰ প্ৰসংগৰে কয় যে, গুৱাহাটীত ৩৯২ টা ভূমিস্খলন প্ৰৱণ এলেকা আছে ৷ এই এলেকাসমূহত বসবাস কৰা লোকসকল দৰিদ্ৰ আৰু যাৰ বাবে তেওঁলোকে সেই ঠাই এৰি যাব নিবিচাৰে ৷
ইফালে বিভাগীয় বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে যে এজাক বৰষুণ দিলেই গুৱাহাটীৰ বিভিন্ন এলেকাৰ নলা-নৰ্দমাসমূহ মাটিৰে ভৰ্তি হৈ পৰে । সেইদৰে আৱৰ্জনাৰ সমস্যাৰ কথাও উল্লেখ কৰা হয় ৷ বৰষুণ দিলে আৱৰ্জনাৰ দ্বাৰাও নলাসমূহ ভৰ্তি হৈ যায় ৷ আনকি আৱৰ্জনাৰ লগত ডাইনিং টেবুল আৰু বাহনৰ চিটো ভাহি অহাৰ কথা বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে ৷
আনহাতে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই কয় যে, মেঘালয়ত হোৱা পাহাৰৰ অবাধ খনন কাৰ্যৰ ফলত বৰষুণৰ লগত ৰঙামাটি গুৱাহাটীলৈ নামি আহে ৷ যাৰ বাবেও সমস্যাৰ সৃষ্টি হৈছে ৷ এই সমস্যাবোৰক মুখ্যমন্ত্ৰীয়ে ডাঙৰ সমস্যা আখ্যা দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ সাম্ভাৱ্য কৃত্ৰিম বানেৰে মোকাবিলা কৰিবলৈ বিশেষকৈ আৱদ্ধ পানী ওলিয়াই নিবৰ বাবে পৰ্যাপ্ত পাম্পৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷
আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰীক অৱগত কৰে যে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ গুৱাহাটীত এতিয়াও বিপদ সীমাৰ বহু তলত আছে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ চাৰে তিনি মিটাৰ ওপৰলৈ আহিলে গুৱাহাটীত বানপানী হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Preparation for flood: ৰাজপথত গাঁত থাকিব নোৱাৰিব; জিলা আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ