ETV Bharat / state

ক'ভিড ভেকচিনে সামৰিছে ৰাজ্যৰ ৯৫ শতাংশ লোকক: মুখ্যমন্ত্ৰী

author img

By

Published : Oct 29, 2021, 4:31 PM IST

অসমৰ ৯৫ শতাংশ লোকক ইতিমধ্যে প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন । শুকুৰবাৰে এখন সংবাদমেলত এই কথা সদৰি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ক'ভিড ভেকচিনে সামৰিছে ৰাজ্যৰ ৯৫ শতাংশ লোকক: মুখ্যমন্ত্ৰী
ক'ভিড ভেকচিনে সামৰিছে ৰাজ্যৰ ৯৫ শতাংশ লোকক: মুখ্যমন্ত্ৰী

গুৱাহাটী, 29 অক্টোবৰ : অসমৰ ৯৫ শতাংশ লোকক ইতিমধ্যে সফলতাৰে ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে । শুকুৰবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে, ইতিমধ্যে ৰাজ্যখনৰ ২ কোটি লোকক ভেকচিনৰ প্ৰথম পালি আৰু ১ কোটি ৭৬ লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ।

১৫ জানুৱাৰীৰ ভিতৰত অসমৰ প্ৰতিজন লোককে ভেকচিন প্ৰদান কৰাটো সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ ঘোষণা কৰে । মুখ্যমন্ত্ৰীয়ে লগতে আৰু কয় যে, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ বহু লোক এতিয়াও ভেকচিন ল’বলৈ আগবাঢ়ি অহা নাই । ভেকচিন ল’বলৈ আগ্ৰহ নকৰা এনে প্ৰায় ১০ লাখ লোক আছে ।

লগতে পঢ়ক : জুবিনৰ স্বাস্থ্য সুস্থিৰ; নিজৰ স্বাস্থ্যক লৈ চিকিৎসালয়ৰ পৰা কি ক’লে জুবিনে ?

এই লোকসকলক ভেকচিন প্ৰদানৰ বাবে ১০ নৱেম্বৰৰ পৰা চৰকাৰে আৰম্ভ কৰিব এক বিশেষ অভিযান ।

গুণোৎসৱৰ দৰে হ’ব এই অভিযান । ৰাজ্য চৰকাৰৰ শীৰ্ষ আমোলা-বিষয়া, মন্ত্ৰী-বিধায়ক সকলো জড়িত হৈ পৰিব এই অভিযানত । আনহাতে, ঘৰে ঘৰে গৈ ভেকচিন দিয়া কামো ইতিমধ্যে সকলো জিলাতে আৰম্ভ কৰিছে চৰকাৰে ৷ ১০৪ ত ফোন কৰি খবৰ দিলেই স্বাস্থ্য কৰ্মীয়ে আহি ঘৰতে ভেকচিন দি যাবহি বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

লগতে পঢ়ক : এখনৰ পাচত আনখন বিদ্যালয়ত ক'ভিডৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.