গুৱাহাটী, ২৩ জুলাইঃ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সলনি হব পাৰে দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ৰেহৰূপ । ইতিমধ্যে তাৰ প্ৰস্তুতিও আৰম্ভ হৈছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সুত্ৰই সদৰী কৰা মতে আগন্তুক সপ্তাহৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থাত ব্যাপক সালসলনি ঘটিব ।
সেই অনুসৰি সুদীৰ্ঘ সময়জুৰি মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত অধিষ্ঠিত হৈ থকা জ্যেষ্ঠ আই এ এছ বিষয়া সঞ্জয় লোহিয়া ডেপুটেচনত যাবলৈ সাজু হৈছে । অহা সপ্তাহৰ ভিতৰতে লোহিয়াই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বিদায় লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত যোগ দিব । বিধানসভা নিৰ্বাচনলৈ মাজত যিহেতু এবছৰতকৈও কম দিন আছে তেনেক্ষেত্ৰত লোহিয়াৰ উত্তৰসুৰী কোন হ'ব তাকে লৈও চৰ্চা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ভিতৰে বাহিৰে ।
এইক্ষেত্ৰত সবাটোকৈ চৰ্চিত হৈ থকা বিষয়া দুজন হ'ল ক্ৰমে জ্যেষ্ঠ আই এ এছ বিষয়া ৰাজেশ প্ৰসাদ আৰু অবিনাশ যোশী । ৰাজেশ প্ৰসাদ সম্প্ৰতি বি টি আৰৰ প্ৰশাসকৰ দায়িত্বত থকাৰ লগতে কৃষি,জলসিঞ্চন আৰু পশুপালন বিভাগৰ প্ৰধান সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে । একেদৰে আনগৰাকী আই এ এছ বিষয়া অবিনাশ যোশী সম্প্ৰতি বন,পৰিবেশ আৰু আবকাৰী বিভাগৰ প্ৰধান সচিব পদত অধিষ্ঠিত হৈ আছে ।
লগতে পঢ়কঃ দৰঙৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী সোণোৱালৰ