ETV Bharat / state

দুই দশকৰ মুৰত ভৈয়ামত থাকিব অসমৰ মুখ্যমন্ত্ৰী - CM of Assam will be staying at plain

প্ৰয়াত প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে মুঠ 20 বছৰ পাহাৰত থকাৰ পাছত নৱ নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা থাকিব ভৈয়ামত ৷ দিছপুৰৰ বৰ্তমানৰ যিটো মন্ত্ৰীৰ আৱাসত ড৹ শৰ্মাই বাস কৰি আহিছে সেইটোৱেই হ'ব মুখ্যমন্ত্ৰীৰ বাসগৃহ ।

CM of Assam will be staying at plain after two decade
দুই দশকৰ মুৰত ভৈয়ামত থাকিব অসমৰ মুখ্যমন্ত্ৰী
author img

By

Published : May 13, 2021, 5:00 PM IST

গুৱাহাটী,13 মে': সম্পূৰ্ণ দুটা দশকৰ পিছত ভৈয়ামত বসবাস কৰা এগৰাকী মুখ্যমন্ত্ৰী লাভ কৰিলে অসমবাসীয়ে । পূৰ্বৰ পোন্ধৰ বছৰীয়া শাসনকালত একেৰাহে তিনিটাকৈ কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হৈ থকা প্ৰয়াত তৰুণ গগৈ আছিল খানাপাৰাৰ কইনাধৰা পাহাৰত থকা চৰকাৰী অতিথিশালাত । তেওঁ শাসনত থকা ডেৰ দশক কাল কইনাধৰাৰ সেই চৰকাৰী অতিথিশালাটো ব্যৱহাৰ হৈ আহিছিল মুখ্যমন্ত্ৰী গগৈৰ বাসগৃহ হিচাপে ।

আনহাতে 2001 চনৰ পৰা পোন্ধৰ বছৰ উক্ত অতিথিশালাটো মুখ্যমন্ত্ৰীৰ বাসগৃহ হৈ থকাৰ পিছত 2016 ত যেতিয়া সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে তেতিয়া তেওঁ নিৰ্বাচিত কৰিলে তৰুণ গগৈৰ দৰে আন এটা চৰকাৰী অতিথিশালা ৷ কইনাধৰা পাহাৰৰ পৰিৱৰ্তে খাৰঘুলি পাহাৰত অৱস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাটো হৈ পৰিল মুখ্যমন্ত্ৰী সোণোৱালৰ বাসগৃহ । বিগত পাঁচ বছৰে কইনাধৰা পাহাৰৰ এই চৰকাৰী অতিথিশালাটো মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ হিচাপে ব্যৱহৃত হৈ আহিছে । কিন্তু এইবাৰ পূৰ্বৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ দৰে পাহাৰত থাকিব খোজা নাই নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

CM of Assam will be staying at plain after two decade
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ন-ঠিকনা

খবৰ অনুসৰি পাহাৰৰ পৰিৱৰ্তে ভৈয়ামতহে থাকিব মুখ্যমন্ত্ৰী ডঃ শৰ্মা । দিছপুৰৰ বৰ্তমানৰ যিটো মন্ত্ৰীৰ আৱাসত ড৹ শৰ্মাই বাস কৰি আহিছে সেইটোৱেই হ'ব মুখ্যমন্ত্ৰীৰ বাসগৃহ । অৱশ্যে বাসগৃহটোৰ আকাৰ কিছু পৰিমাণে ডাঙৰ কৰা হ’ব । ড৹ শৰ্মাৰ চৰকাৰী আৱাসটোৰ গাতে লাগি আছে সদ্য প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীৰ চৰকাৰী আৱাসটো ৷ সেইটো আৱাস মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সৈতে সংলগ্ন কৰি ন-ৰূপ দিয়া হ'ব মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহক । এককথাত দুই দশকৰ মূৰত পাহাৰৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰী থাকিব ভৈয়ামত ।

লগতে পঢ়কঃ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.