গুৱাহাটী, 6 জুনঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত শুকুৰবাৰে এখন পর্যালোচনা সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ এই সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিত সবল কৰাৰ লক্ষ্য আগত ৰাখি কাম কৰাৰ লগতে বিভিন্ন আঁচনি সম্পৰ্কে পৰ্যালোচনা কৰা হয় ৷
সভাৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে বহিঃৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিক সকলক কামৰ ব্যৱস্থা কৰিব চৰকাৰে ৷ সেইবাবেই পঞ্চায়তে পঞ্চায়তে জব কাৰ্ডৰ ব্যৱস্থা কৰাৰ বাবে ব্যৱস্থা লবলৈ বিভাগটোৰ লগত এক বৈঠক অনুষ্ঠিত কৰা বুলি জানিবলৈ দিলে ৷
আনহাতে কেন্দ্ৰীয় চৰকাৰে আত্মনির্ভৰশীল কৰাৰ লক্ষ্যৰে যি 20 লাখ কোটি প্ৰদান কৰিছিল তাৰ সদ ব্যৱহাৰৰ বাবে সকলো ব্যৱস্থা নিকা আৰু স্বচ্ছ হোৱাৰ ক্ষেত্ৰত পদক্ষেপ লবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সৈতে কথা পাতিছে বুলি জানিবলৈ দিয়ে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে পঞ্চায়ত আৰু ব্লক পৰ্য্যায়ত যাতে কোনোধৰণৰ খেলিমেলি নহয় তাৰ বাবে বিভাগত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেক ৷
লগতে পঢ়কঃ লক ডাউনঃ 90 দিনৰ অন্তত নিজ শিশুটিক কাষত পাই উৎফুল্লিত পিতৃ-মাতৃ