গুৱাহাটী, ১৮ মে': অসমৰ সাহিত্য তথা সংবাদজগত উকা কৰি কিছুদিন পূৰ্বে বৈকুণ্ঠগামী হয় বিশিষ্ট সাহিত্যিক, কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঞি । মঙলবাৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে প্ৰয়াত হোমেন বৰগোহাঞিৰ খাৰঘূলিস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰেৰণ কৰা শোক সংবাদ পত্ৰখন শোকসন্তপ্ত পৰিয়ালবৰ্গৰ হাতত প্ৰদান কৰে ।
উল্লেখ্য যে, বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক গৰাকীৰ জীৱনগাঁথা আৰু সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত পুনৰ কৰ'ণাত মৃত্যু ৫ গৰাকীৰ