ETV Bharat / state

৭৪সংখ্যক স্বাধীনতা দিৱসঃ ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Aug 15, 2020, 1:41 PM IST

দেশৰ সীমান্তত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া বীৰ শ্বহীদক মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বাধীনতা দিৱসৰ শুভক্ষণত ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে।

cm-independence-day-speech
৭৪সংখ্যক স্বাধীনতা দিৱসঃ ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ১৫আগষ্ট : ক'ভিড-১৯ৰ স্বাস্থ্যবিধি মানি সমগ্ৰ দেশৰ লগতে অসমতো ৭৪সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। পুৱা মহানগৰীৰ জজ খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যবাসীক মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে। দেশৰ সীমান্তত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া বীৰ শ্বহীদক মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বাধীনতা দিৱসৰ শুভক্ষণত ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে।

ৰাজ্যবাসীলৈ কি কি অভিলাষী আঁচনি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে ..
*ধানৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাক্সা জিলাত 'ৰাইচ ক্লাষ্টাৰ' স্থাপনৰ সিদ্ধান্ত গ্ৰহণ।
*প্ৰতিখন ৰাজ্যত ধান ক্ৰয়ৰ কেন্দ্ৰ মুকলিৰ ব্য়ৱস্থা গ্ৰহণ।
*ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে ২২০টা ধান বনা কল স্থাপনৰ বাবে সাহায্য প্ৰদান কৰিব।
*উদ্যোগী, সমবায় আৰু আত্মসহায়ক গোটলৈ আগবঢ়োৱা হ'ব ৩০% ৰাজ-সাহায্য।
*পথাৰ আৰু বজাৰৰ মাজত যোগাযোগ অধিক সুচল কৰিবলৈ ৰাজ্যৰ থলুৱা যুৱক আৰু আত্মসহায়ক গোটক ৰাজ-সাহায্যযুক্ত ১০০০খন 'মিনি ট্ৰাক' প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।
*ৰাজ্য চৰকাৰে বিশ্বনাথ জিলাত স্থাপন কৰিব 'চেণ্টাৰ অৱ এক্সিলেন্স ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ'।
*ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে দুগ্ধ সংসাধন উদ্যোগ স্থাপনৰ পৰিকল্পনা হাতত লৈছে। প্ৰথম পৰ্যায়ত প্ৰায়োগিক পৰিযোজনা হিচাপে মৰিগাঁও, শোণিতপুৰ আৰু বজালী জিলাত এই দুগ্ধ সংসাধন উদ্যোগ স্থাপন কৰা হ'ব।
*প্ৰতিখন জিলাত শীতলীকৰণ ভঁৰাল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ।
*মাকৈ খেতি অধিক জনপ্ৰিয় কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত শীঘ্ৰে এক নতুন কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ।
*প্ৰতিখন জিলাত পশুখাদ্য মিল স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
*হালধি, আদাকে ধৰি আন মা-মছলাৰ কৃষি অধিক জনপ্ৰিয় কৰিবলৈ নতুন কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ।
*বিল-জলাশয় চিনাক্তকৰণ আৰু জৰীপ কৰি আত্মসহায়ক গোটক মত্স্য পালনৰ বাবে ব্যৱহাৰ কৰাৰ চৰকাৰে সুবিধা প্ৰদান কৰিব।
*প্ৰধানমন্ত্ৰীৰ 'কৃষি সিঁচাই আঁচনি'ৰ অধীনত সৌৰশক্তি আৰু বিদ্যুত শক্তি চালিত ২০হাজাৰৰো অধিক ৩অশ্ব শক্তিসম্পন্ন দমকল বহুৱাবলৈ পদক্ষেপ গ্ৰহণ। ৰাজ্যৰ ৬লাখ বিঘা কৃষিভূমিত জলসিঞ্চনৰ সুবিধা উপলৱ্ধ কৰাৰ আশ্বাস।
*বাঁহৰ ব্যৱহাৰ অধিক সুচল কৰিবলৈ 'ASSAM BAMBOO and CANE POLICY'প্ৰণয়ন। গোলাঘাটত 'আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ মুকলি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ।
*'স্বয়ম' আৰু 'শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনি' গ্ৰহণ। সৰ্থেবাৰীৰ 'বেল মেটেল আৰটিচেন এণ্ড ট্ৰেডিং কো-অ'পাৰেটিভ চ'ছাইটি'লৈ ১কোটি টকাৰ এককালীন সাহায্য।
*'ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান' আৰু 'কনকলতা মহিলা সৱলীকৰণ আঁচনি'ৰ অধীনত ৮২৬কোটিৰো অধিক আৰ্থিক সাহায্য প্ৰদান।
*ৰাজ্যৰ ১লাখ ভূমিহীন থলুৱা পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ লক্ষ্যৰে নতুন ভূমিনীতি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ ৪৫,২৬১টা থলুৱা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা আৰু অনুমোদন পত্ৰ প্ৰদান কৰা হৈছে।
*'অসম দৰ্শন আচনি'ৰ অধীনত ১৩৭খন সত্ৰ-দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানলৈ ৩৬০লাখ টকাৰ অনুদান প্ৰদানত অনুমোদন দিয়া হৈছে।
*বৰাক উপত্যকা, বিটিএডি আৰু পাৰ্বত্য জিলাকেইখনক বাদ দি ৰাজ্যৰ সকলো ইংৰাজী তথা আন মাধ্যমৰ শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ পাঠদান বাধ্যতামূলক কৰিবলৈ নতুন আইন প্ৰণয়ন কৰা হৈছে।
*৬জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰীগোটে বিভিন্ন জনগোষ্ঠীৰ সৈতে আলোচনাত মিলিত হৈছে। মন্ত্ৰীগোটে প্ৰস্তুত কৰা প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ।
*অসম আন্দোলনৰ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালনৰ আশ্বাস প্ৰদান।
*অবৈধ অনুপ্ৰবেশ ৰোধৰ বাবে ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী চেক্টৰত 'BOLD-QIT'নামৰ কাৰিকৰী প্ৰকল্পৰ সফল ৰূপায়ণ।
*মেধাৰ ভিত্তিত ২০১৬-২০১৭বৰ্ষৰ পৰা ৩৮হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত স্থায়ী নিযুক্তি প্ৰদান কৰা হৈছে।
*কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো সংগঠনৰ মাজত 'তৃতীয় বড়ো শান্তি চুক্তি' স্বাক্ষৰ।
*আৰক্ষী বিভাগক শক্তিশালী কৰিবলৈ 'মৈত্ৰী আঁচনি'ৰ অধীনত থানাসমূহ পুনৰনিৰ্মাণ কৰা হৈছে।
*ৰাজ্যৰ বনাঞ্চলৰ পৰিমাণ ২২১ বৰ্গ কি:মি:বৃদ্ধিৰ লগতে বৰ্তমানলৈকে ২৪০জন চোৰাং চিকাৰী কৰায়ত্ত কৰা হৈছে।
*কাজিৰঙাৰ প্ৰায় ৩৭৬৫ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে।
*বিজ্ঞানসন্মত অধ্যয়ণেৰে বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে 'নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটী' গঠনৰো পদক্ষেপ হাতত লৈছে।
*ৰাজ্যত ১২৭খন হাইস্কুল, ১৪৯খন কণিষ্ঠ মহাবিদ্যালয়, ৯খন উচ্চতৰ মাধ্যমিক আৰু ২৭খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ।
*'জলজীৱন অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা গ্ৰহণ।
*সাংবাদিকসকলৰ কল্যাণৰ বাবে পেঞ্চন, মিডিয়া ফেল'শ্বিপ, চিকিত্সাৰ বাবে আৰ্থিক সাহায্য প্ৰদানকে ধৰি বহু আঁচনি ৰূপায়ণ কৰা হৈছে।
*আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে ২ অক্টোবৰৰ পৰা 'অৰুণোদয় আঁচনি' ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা প্ৰতিজন লোকলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ক'ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা লোকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে ক'ৰোনা মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক প্ৰশংসা কৰে। ৰাম মন্দিৰৰ শিলান্যাস প্ৰসংগত দেশবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰিছে আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষাত শিক্ষা গ্ৰহণৰ সুৱৰ্ণ সুযোগ প্ৰদান কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণত কয় যে,
*ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ২৪ঘণ্টা প্ৰদৰ্শন হৈ থকাকৈ মুকলি হ'ল ডি ডি অসম।
*লকডাউনৰ সময়ত বহি:ৰাজ্য আৰু বহি:ৰাষ্ট্ৰত আবদ্ধ লোকক বিভিন্ন সা-সুবিধাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।
*লকডাউনৰ সময়ত ৰাজ্যৰ ১১হাজাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যই নিজে প্ৰস্তুত কৰা ৫২ লাখৰো অধিক মাস্ক বিক্ৰী কৰি ১১কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।
*২০লাখ কোটি টকাৰ ব্যয়েৰে কেন্দ্ৰীয় চৰকাৰে 'আত্মনিৰ্ভৰ ভাৰত অভিযান' আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰেও 'আত্মনিৰ্ভৰ অসম' গঢ়িবলৈ পদক্ষেপ লৈছে।
মহানগৰীৰ জজ খেলপথাৰত অনুষ্ঠিত হোৱা ৭৪সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিভিন্ন অভিলাষী আঁচনি আগবঢ়ায় ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

লগতে পঢ়ক : নিজৰ এক মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.