ETV Bharat / state

দুদিন ধৰি চলিয়েই আছে হিমন্ত আৰু কেজৰিৱালৰ টুইট যুদ্ধ

author img

By

Published : Aug 27, 2022, 3:18 PM IST

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma)আৰু অৰবিন্দ কেজৰিৱাল মাজত তীব্ৰতৰ হৈ পৰিছে বাকযুদ্ধ । সামাজিক মাধ্যম টুইটাৰত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে পৰস্পৰে পৰস্পৰক নিক্ষেপ কৰি আহিছে বাক্যবাণ । দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে আম আদমী পাৰ্টীয়ে ভাৰতক এক নম্বৰ দেশ নিৰ্মাণ থকা বুলি সদৰি কৰাৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰি কয় যে আপুনি ভাৰতক ১ নম্বৰ বনাব নালাগে,মোডীজীয়ে ইতিমধ্যে এই কাম কৰি আছে ।

Tweet battle of CM Himanta and  Kejriwal
অব্যাহত আছে হিমন্ত আৰু কেজৰিৱালৰ টুইট যুদ্ধ

গুৱাহাটী, ২৭ আগষ্ট: অসমৰ লগত দিল্লীৰ তুলনা কৰি লাভ নাই বুলি কোৱাৰ পাছতো মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই(CM Dr Himanta Biswa Sarma)দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ(CM Arvind Kejriwal)টুইটৰ প্ৰত্যুত্তৰ দি আছে । এক কথাত ক'বলৈ গ'লে দুয়োগৰাকী মুখ্যমন্ত্রীৰ মাজত তীব্ৰতৰ হৈ পৰিছে বাকযুদ্ধ । সামাজিক মাধ্যম টুইটাৰত(Tweet battle of CM Himanta and Kejriwal)দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে পৰস্পৰে পৰস্পৰক বাক্যবাণ নিক্ষেপ কৰি থকা পৰিলক্ষিত হৈছে ।

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে আম আদমী পাৰ্টীয়ে(Aam Aadmi Party)ভাৰতক এক নম্বৰ দেশ নিৰ্মাণ কৰি থকা বুলি মন্তব্য় কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই টুইট কৰি কয়,'আপুনি ভাৰতক ১ নম্বৰ বনাব নালাগে,মোডীজীয়ে(PM Narendra Modi)ইতিমধ্যে এই কাম কৰি আছে।'

উল্লেখ যে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ পিছতে । মেট্ৰিকত উত্তীৰ্ণৰ হাৰ শূণ্য হোৱা বিদ্যালয়সমূহ বন্ধ(School closed in Assam)কৰা আৰু শিক্ষাৰ্থীৰ সংখ্যা কম থকা বিদ্যালয়সমূহ একত্রীকৰণ(Amalgamation of school in Assam)কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ কেজৰিৱালে টুইট কৰি কৈছিল যে বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান নহয় । ইয়াৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষামন্ত্ৰী হিচাপে কাৰ্যকালত খোলা বিদ্যালয়সমূহৰ এখন তালিকা প্ৰকাশ কৰি কেজৰিৱালক লক্ষ্য কৰি টুইট কৰে ।

ইয়াৰ পিছতে কেজৰিৱালে উত্তৰ দিয়ে যে তেওঁৰ অসম চৰকাৰক সমালোচনা কৰাৰ উদ্দেশ্য নাই । কিন্তু অসম চৰকাৰৰ ভাল কাম-কাজবোৰ চাবলৈ মাতিলে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিব পাৰে আৰু ইজনে সিজনৰ পৰা শিকিলেহে ভাৰত এক নম্বৰ হ'ব ৷ ইয়াৰ লগতে কেজৰিৱালে তেওঁৰ 'মেক ইণ্ডিয়া নং-১'অভিযানৰ বিষয়েও উল্লেখ কৰিছিল ।

আনহাতে,ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই টুইট কৰি কয় 'প্ৰিয় কেজৰিৱাল জী, আপোনাৰ অজ্ঞানতা বেদনাদায়ক। মই আপোনাক ক'ম দিল্লীতকৈ অসম ৫০ গুণ ডাঙৰ । আমাৰ ৪৪,৫২১ খন চৰকাৰী বিদ্যালয়ত ৬৫ লাখ শিশু পঢ়ে । আনহাতে,দিল্লীত ১০০০ খনতকৈ অলপ বেছি বিদ্যালয় আছে । আমাৰ দুই লাখ শিক্ষকৰ এক নিষ্ঠাবান বাহিনী আছে । ১.১৮ লাখ মধ্যাহ্ন ভোজন কৰ্মী আছে । আমাৰ প্ৰত্যাহ্বানবোৰ দেখিলে বক্তৃতা দিবলৈ পাহৰি যাব । বানপানী, সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসম । দিল্লীৰ দৰে আমাৰ সম্পদ নাই । অসমলৈ আহিলে মই আপোনাক মেডিকেল কলেজলৈ লৈ যাম, যি আপোনাৰ মহল্লাৰ ক্লিনিকতকৈ ভাল । লগতে আমাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও চিনাকি কৰাই দিম ।'

বিগত দুদিন ধৰি চলি থকা দুই মুখ্যমন্ত্রীৰ টুইট যুদ্ধ বিশেষভাৱে চৰ্চিত হৈছে । উল্লেখ্য় যে মুখ্যমন্ত্রী ড৹শৰ্মাই শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্রীৰ টুইট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে দিল্লীৰ মহল্লা ক্লিনিকবোৰ চাবলৈ একো নাই । দিল্লীত স্কুল হৈছে ১২০০ আৰু অসমত হৈছে ৬০-৭০ হাজাৰ । দিল্লী নামতেহে এখন ৰাজ্য আচলতে এইখন এখন পৌৰ সভা। গতিকে পৌৰ সভাৰ ৰাজনীতিৰ লগত এখন ৰাজ্যৰ ৰাজনীতি নিমিলে । তথাপিও দিল্লীৰ মুখ্যমন্ত্রীয়ে বিচৰা বাবে তেওঁ দিল্লীৰ মহল্লা ক্লিনিক আৰু স্কুল চাবকৈ যাব বুলি সদৰি কৰে । লগতে তেওঁ দিল্লীৰ মুখ্যমন্ত্রীকো অসমলৈ অহাৰ বাবে কয় ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে অহাত কোনো বাধা নাই । তেওঁ কয় যে আমাৰ ইয়াত শিক্ষকেই আছে আঢ়ৈ লাখ আৰু তাত আছে ৬-৭ হাজাৰ । গতিকে এইটো অলাগতিয়াল তুলনা । তুলনা কৰিব লাগিলে পঞ্জাৱ, ছত্তিছগড়,উত্তৰাঞ্চল,ঝাৰখণ্ড আদি ৰাজ্যৰ লগত কৰিব লাগিব । তাৰ পাছতো তেওঁ প্ৰত্যুত্তৰ দি আহিছে টুইটাৰত।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ যোগ্যতা নাই ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.