ETV Bharat / state

ব্ৰেকফাষ্ট টু ডিনাৰ: কইনাধৰাত মিত্ৰ দলৰে মাৰাথন বৈঠক মুখ্যমন্ত্ৰীৰ - উপ-নিৰ্বাচন

উপ-নিৰ্বাচনৰ ধাম খুমিয়াৰ মাজতে দুয়োটা মিত্ৰদল নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বৈঠকত বিজেপি, ইউপিপিএলৰ সভাপতি ক্ৰমে ভবেশ কলিতা, অতুল বৰা আৰু প্ৰমোদ বড়োও উপস্থিত আছিল ।

ব্ৰেকফাষ্ট টু ডিনাৰ: কইনাধৰাত মিত্ৰ দলৰে মাৰাথন বৈঠক মুখ্যমন্ত্ৰীৰ

author img

By

Published : Oct 10, 2021, 7:15 PM IST

গুৱাহাটী, ১০ অক্টোবৰ : সন্মুখত ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেওবাৰে দুয়োটা মিত্ৰদলৰে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে পুৱাৰে পৰা নিশালৈকে মিত্ৰদল অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ শীৰ্ষ নেতৃত্বৰ সৈতে মাৰথন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী । কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দেওবাৰে পুৱাৰে পৰা আৰম্ভ হয় এই বৈঠক ।

এই বৈঠকত বিজেপি, অগপ আৰু ইউ পি পি এলৰ সভাপতি ক্ৰমে ভৱেশ কলিতা, অতুল বৰা আৰু প্ৰমোদ বড়োও উপস্থিত থাকে । আজিৰ দিনটোত কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী নাৰাখি এইদৰে মুখ্যমন্ত্ৰীয়ে মিত্ৰদলৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হোৱাটো তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ।

অৱশ্যে, চৰকাৰৰ বিভিন্ন কামকাজৰ সফলতা-বিফলতাসমূহ আলোচনা কৰাৰ বাবেই আজিৰ এই ৰুদ্ধদ্বাৰ দীঘলীয়া বৈঠক অনুষ্ঠিত কৰা হৈছে বুলি চৰকাৰীভাৱে প্ৰকাশ কৰিলেও এই বৈঠক যে উপ-নিৰ্বাচন কেন্দ্ৰীক সেয়া নিশ্চিত ।

লগতে পঢ়কঃ ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.