ETV Bharat / state

অসমক ব্ৰহ্মদেশৰ অংগ সজোৱা কপিল ছিবালৰ ভৌগোলিক জ্ঞান শূন্য: মুখ্যমন্ত্ৰী

অসমক ম্যানমাৰৰ অংশ বুলি কোৱা কপিল ছিবালক ককৰ্থনা মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ছিবালৰ ভৌগোলিক জ্ঞান নাই বুলি ক’লে ড৹ শৰ্মাই ৷

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 6:46 PM IST

Updated : Dec 8, 2023, 7:19 PM IST

Kapil Sibal controversial remarks on Assam
Himanta Biswa Sarma slams Kapil Sibal
অসম সন্দৰ্ভত কপিল ছিবালে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ

গুৱাহাটী,৮ ডিচেম্বৰ: অসম ম্যানমাৰৰ অংগ আছিল বুলি কপিল ছিবালে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে জ্যেষ্ঠ অধিবক্তা তথা প্ৰবীণ ৰাজনীতিক কপিল ছিবালে ‘কা’ আৰু ভিত্তিবৰ্ষ সম্পৰ্কীয় গোচৰৰ শুনানিৰ কালত বৃহস্পতিবাৰে অসম সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছিল । তেওঁ কৈছিল যে অসম ব্ৰহ্মদেশৰ অংগ আছিল । ব্ৰহ্মদেশৰ পৰাহে অসমক ভাৰতৰ অংগ কৰিছিল ব্ৰিটিছৰ দিনত ।

উল্লেখ্য যে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰবাহৰ তথ্য দাখিল কৰাৰ নিৰ্দেশ দি কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছতে এই মন্তব্য কৰিছিল ছিবালে ।

জনসংখ্যা মানুহৰ প্ৰব্ৰজনৰ ইতিহাসত নিহিত হৈ আছে আৰু ইয়াৰ মানচিত্ৰ নিৰ্মাণ কৰিব নোৱাৰি বুলি সদৰী কৰি তেওঁ কৈছিল যে আচলতে অসম ম্যানমাৰৰ (পূৰ্বৰ ব্ৰহ্মদেশ) অংশ আছিল আৰু ব্ৰিটিছে ইয়াৰ এটা অংশ জয় কৰিছিল ৷ সেইবাবে অসমক ব্ৰিটিছক হস্তান্তৰ কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ মজিয়াত কপিল ছিবালে অসম সন্দৰ্ভত কৰা এই মন্তব্যক লৈ এতিয়া অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূচনা হৈছে ।

কপিল ছিবালৰ মন্তব্যৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয় যে কপিলৰ ছিবালৰ ভৌগোলিক জ্ঞান নাই । অসম কেতিয়াও ম্যানমাৰৰ অংগ নাছিল । ইতিহাসৰ জ্ঞান নাথাকিলে এনেদৰে ক'ব নালাগে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম কোনোকালে ম্যানমাৰৰ অংশ নাছিল । আহোমৰ ৰাজত্ব কালত অসমৰ সৈতে ম্যানমাৰৰ সংঘাত হৈছিল আৰু অসম ম্যানমাৰৰ লগত থকা বুলি কোনো তথ্য নাই ।

উল্লেখ্য যে অসম সন্দৰ্ভত বহিঃৰাজ্যৰ নেতাৰ এয়াই প্ৰথম বিৰূপ মন্তব্য নহয় ৷ ইয়াৰ পূৰ্বেও বহুবাৰ অসম এনে অপমানৰ সন্মুখীন হ’ব লগীয়া হৈছিল ৷ 1962 ৰ ভাৰত-চীন যুদ্ধৰ সময়তে অসহায় তথা নিলজ্জভাৱে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসমক ৰক্ষা কৰাৰ ক্ষেত্ৰত হাত দাঙি দিছিল ৷ তেওঁ কৈছিল যে ‘‘my heart goes out to the people of Assam’’ ৷

ইফালে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ দিনা অৰ্থাৎ 2019 চনৰ 12 ডিচেম্বৰত এই বিধেয়কক সমৰ্থন জনায় মহাৰাষ্ট্ৰৰ এগৰাকী বিজেপি সাংসদ বিনয় প্ৰভাকৰ সহস্ৰবুদ্ধেয়ে অসমৰ মাজুলীত অনুপ্ৰৱেশকাৰীৰে ভৰি আছে বুলি মন্তব্য কৰিছিল ৷

তাৰোপৰি মহাৰাষ্ট্ৰৰে প্ৰহৰ জনশক্তি পাৰ্টীৰ বিধায়ক বাচ্চু কাডুৱে যোৱা মাৰ্চ মাহত বিধানসভা চলি থকাৰ সময়ত মন্তব্য কৰিছিল যে অসমৰ মানুহে কুকুৰ খাই, সেয়ে মহাৰাষ্ট্ৰ বাটৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিব লাগে ৷

বিজেপিৰ সাংসদ তথা বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনীয়ে 2022 বৰ্ষত নলবাৰী ৰাসত উপস্থিত হৈ মহাপুৰুষ শংকৰদেৱক সম্বোধন কৰিছিল সংস্কাৰ দেৱ বুলি ৷ ইফালে বিজেপি নেতা তথা একালৰ অসম বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিঙেও শংকৰদেৱক বাবা চংকৰ দেউ বুলি সম্বোধন কৰিছিল ৷

কোৱা হয় যে, অসম বা উত্তৰ-পূব সন্দৰ্ভত ভাৰতৰ আন ৰাজ্যৰ লোকসকলৰ ধাৰণা কিছু বেলেগ ৷ দিল্লী বা দেশৰ আন স্থানত অসম তথা উত্তৰ-পূবৰ মানুহ বৈষম্যৰ বলি হোৱাৰ খবৰ বিভিন্ন সময়ত লাভ কৰা যায় ৷ এইসকল ৰাজনৈতিক নেতাৰ অসম সম্পৰ্কীয় ধাৰণা এনে বৈষম্যতকৈ কোনো গুণে কম নহয় ৷

লগতে পঢ়ক: Send stray dogs to Assam: অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য

Last Updated : Dec 8, 2023, 7:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.