গুৱাহাটী, ১৩ জানুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ফাঁচীবজাৰ ব'টানিকেল গাৰ্ডেন পৰিদৰ্শন কৰে(CM visit Fancy Bazar Botanical Garden site) । এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে জিএমডিএক এই নিৰ্মাণৰে জড়িত সকলো আনুষংগিক কাৰ্য সফলতাৰে ৰূপায়ণ কৰি এক আকৰ্ষণীয় ক্ষেত্ৰৰূপে গঢ় দিবলৈ নিৰ্দেশনা প্ৰদান কৰে । মুখ্যমন্ত্ৰীৰ(CM Himanta Biswa Sarma) সৈতে কেবিনেট মন্ত্ৰী অশোক সিংহল, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভনকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত আছিল ।
![CM visit Fancy Bazar Botanical Garden site](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-cmvisitfencybazarbotanicalgarden-7210645_13012023171657_1301f_1673610417_507.jpg)
পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, বৰ্তমানে চলি থকা ফাঁচীবজাৰ ব'টানিকেল গাৰ্ডেনৰ নিৰ্মাণকাৰ্যৰ সকলো দিশৰ বুজ লওঁ(Fancy Bazar Botanical Garden site) । আশা কৰোঁ আগন্তুক ছমাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব । উল্লেখ্য যে গুৱাহাটী মহানগৰীত মানুহে প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যভ্ৰমণ কৰাৰ বাবে মুকলি ঠাইৰ যথেষ্ট অভাৱ ৷ ব্যস্ত জীৱনৰ পৰা আঁতৰি অকণমান মুকলি ঠাইত ফুৰি সময় পাৰ কৰাৰ বাবে গুৱাহাটী মহানগৰীত মুকলি ঠাইৰ বাৰুকৈয়ে অভাৱ ৷
মহানগৰীৰ চাৰিওফালে সুউচ্চ অট্টালিকা, দোকান পোহাৰ, গাড়ী মটৰে ভৰি পৰিছে ৷ গুৱাহাটীত যেন এতিয়া মানুহে মুকলি ঠাইত উশাহ অলপ ল’ব পৰা মুকলি ঠাই নোহোৱা হৈ পৰিছে ৷ গুৱাহাটীত যিকেইখন খেলপথাৰ আছে তাতো বাৰমাহত তেৰটাকৈ অনুষ্ঠান, মেলা আদিৰে দখল হৈ থাকে ৷ যিকেইখন চৰকাৰী উদ্যান আছে সেইবোৰ আঙুলিৰ মূৰত গণিব পাৰি ৷ মহানগৰীখনত ক্ৰমাৎ বাঢ়ি অহা জনসংখ্যাৰ তুলনাত গুৱাহাটীত থকা চৰকাৰী উদ্যানকেইখন পৰ্যাপ্ত নহয় ৷
![CM visit Fancy Bazar Botanical Garden site](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-cmvisitfencybazarbotanicalgarden-7210645_13012023171657_1301f_1673610417_519.jpg)
উল্লেখ্য যে, গুৱাহাটীত মুকলি ঠাইৰ অভাৱ আৰু মানুহৰ স্বাস্থ্যকৰ পৰিৱেশত অৱসৰ বিনোদন কৰাৰ বাবে ফাঁচী বজাৰৰ পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ কাম এতিয়াও পিছ পৰি আছে ৷ দহবছৰ পূৰ্বে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন ফাঁচী বজাৰৰ পৰা গড়চুকলৈ স্থানান্তৰ হোৱাৰ পিছৰে পৰা ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিখিনি পৰিত্যক্ত হৈ পৰি আছে ৷
আজিৰ পৰা পাঁচ বছৰ পূৰ্বে তদানীন্তন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ মুকলি হৈ থকা ৬০ বিঘা মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল ৷ হিমন্ত বিশ্ব শৰ্মাৰ উদ্ভিদ উদ্যানৰ ঘোষণা পাঁচ বছৰে ফাইলতে আৱদ্ধ হৈ থকাৰ পিছত চলিত বছৰৰ পৰা এই কামৰ প্ৰাথমিক কাম আৰম্ভ হৈছে ।
![CM visit Fancy Bazar Botanical Garden site](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-cmvisitfencybazarbotanicalgarden-7210645_13012023171657_1301f_1673610417_223.jpg)
২০১৬ চনৰ ২ জুলাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্ভিদ উদ্যানৰ নিৰ্মাণৰ কথা ঘোষণা কৰি কৈছিল যে, তিনিবছৰৰ ভিতৰত অৰ্থাৎ ২০১৯ চনৰ ভিতৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি ভূমিত উদ্ভিদ উদ্যানৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ৷ কাৰাগাৰৰ পুৰণি মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক দিয়া হৈছিল দায়িত্ব ৷ কিন্তু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বহীনতাৰ বাবে প্ৰস্তাৱিত উদ্ভিদ উদ্যান নিৰ্মাণৰ কামত বিলম্ব হয় ৷
গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰা পোৱা তথ্য মতে, যোৱা দুবছৰ পূৰ্বে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ বাবে প্ৰস্তাৱিত উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰাৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ নিবিদা আহ্বানৰ জৰিয়তে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে নিৰ্দিষ্ট ফাৰ্মক নক্সা প্ৰস্তুতৰ দায়িত্ব দিছিল ৷ ২০১৮ চনত মহানগৰ উন্নয়ণ প্ৰাধিকৰণে উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰি তোলাৰ বাবে ডেৰ বছৰ সময় নিৰ্দ্ধাৰণ কৰিছিল ৷
কিন্তু উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰি তোলাৰ কাম যোৱা বছৰতহে সম্পূৰ্ণ হয় । মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰস্তাৱিত উদ্ভিদ উদ্যানত বিশেষভাৱে ঔষধি গছ ৰোপণ কৰাৰ প্ৰস্তাৱ আছে ৷ লগতে তাত থকা জলাশয়কেইটাৰ উন্নয়ন কৰা, মানুহে অৱসৰ বিনোদন কৰাৰ বাবে উদ্যান নিৰ্মাণ কৰা, ওখ টাৱাৰ নিৰ্মাণ কৰা, মাল্টি কাৰ পাৰ্কিং স্থান নিৰ্মাণ কৰা, ডিজিটেল মিউজিয়াম, আলোচনা গৃহ নিমাৰ্ণ কৰা, খোজকঢ়া স্থান নিৰ্মাণ কৰা আদি প্ৰস্তাৱ আছে ৷
উল্লেখ্য যে, ২০১৬ চনত গুৱাহাটী উন্নয়ন বিভাগে কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি ঠাইখিনি উন্নয়ন কৰাৰ বাবে ৩ কোটি টকা মোকলাই দিছিল ৷ আকৌ ২০১৭ চনতে ৰাজ্য চৰকাৰে গুৱাহাটী উন্নয়ন বিভাগক কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি ভূমিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ বাবে ৫,৮৬৩.৩৫ লাখ টকা মোকলাই দিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা উদ্যান নিৰ্মাণৰ কাম আৰম্ভ হয় ৷