ETV Bharat / state

Assam CM Tweet on Emergency: লোকতন্ত্ৰ সেনানীক চৰকাৰে প্ৰদান কৰিব মাহিলী পেঞ্চন - Cabinet decision on Loktantra senani

দেশৰ জৰুৰীকালীন সময়ত প্ৰতিটো প্ৰতিষ্ঠানৰ পদ্ধতিগত ধ্বংস আৰু সংস্থাসমূহৰ প্ৰকাশ্য অপব্যৱহাৰ কৰা হৈছিল বুলি মন্তব্য় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)। জৰুৰীকালীন সময়ৰ আন্দোলনকাৰীলৈ ১৫,০০০ টকা কৈ মাহিলী পেন্সনৰ ব্যৱস্থা অসম চৰকাৰৰ ৷

Himanta Biswa Sarma Tweet on Emergency
দেশৰ জৰুৰীকালীন সময়ক লৈমন্তব্য মুখ্যমন্ত্ৰীৰ
author img

By

Published : Apr 20, 2023, 8:01 PM IST

গুৱাহাটী, ২০ এপ্ৰিল :দেশৰ জৰুৰীকালীন সময়ক লৈ বিশেষ মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM comment on Emergency time)৷ বৃহস্পতিবাৰে টুইটাৰযোগে অভিযোগ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, “জৰুৰীকালীন সময়ৰ অন্ধকাৰ দিনবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰো । প্ৰতিটো প্ৰতিষ্ঠানৰ পদ্ধতিগত ধ্বংস আৰু সংস্থা সমূহৰ প্ৰকাশ্য অপব্যৱহাৰ কৰা হৈছিল । অসম কেবিনেটৰ এই সিদ্ধান্ত সংবিধান ৰক্ষাৰ বাবে সকলো বিপদত পৰা গণতন্ত্ৰৰ সাহসী সৈনিক সকলৰ প্ৰতি কৃতজ্ঞতাৰ চিন (Himanta Biswa Sarma Tweet on Emergency)।”

দেশৰ জৰুৰীকালীন সময়ক লৈ আন্দোলন কৰা সকললৈ অসম চৰকাৰে পেন্সনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বুধবাৰে কেবিনেটে দেশৰ জৰুৰীকালীন সময়ত আন্দোলনত অংশগ্ৰহণ কৰা সেনানী সকলক মাহিলী ১৫,০০০ টকাৰ পেন্সন দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ৷ ৰাজ্যিক কেবিনেটত এই পেন্সনৰ সিদ্ধান্তৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জৰুৰীকালীন সময়ত দেশৰ সংস্থাসমূহ ধ্বংস কৰাৰ লগতে এজেন্সীসমূহৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷

কংগ্ৰেছকে ধৰি দেশৰ প্ৰায় সকলো বিৰোধীয়ে বৰ্তমান নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে তদন্তকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ তেনে সময়তে কংগ্ৰেছলৈ আঙুলি টোঁৱাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা এই অভিযোগ মন কৰিবলগীয়া (Assam CM slams Congress) ৷

হিমন্ত বিশ্ব শৰ্মা কেবিনেটত ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ চলা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আন্দোলন কৰা ৩০১ গৰাকীক মাহিলী পেঞ্চন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁলোকক লোকতন্ত্ৰ সেনানী বুলি আখ্যা দিছে অসম চৰকাৰে (Cabinet decision on Loktantra senani) ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি তেওঁলোকক মাহিলী ১৫ হাজাৰ টকাৰ পেঞ্চন দিয়া হ'ব ।

লগতে, ভৱিষ্যতে মুখ্যমন্ত্ৰীৰ যথাযথ তৎপৰতা আৰু অনুমোদন সাপেক্ষে অধিক লোকতন্ত্ৰ সেনানী অন্তৰ্ভুক্ত জনোৱা হ'ব ৷ প্ৰেক্ষাপট সাপেক্ষে লোকতন্ত্ৰ সেনানীৰ বিধৱা পৰিবাৰ আৰু অবিবাহিত কন্যা সকলকো এই পেন্সন দিয়া হ'ব বুলি বৃহস্পতিবাৰৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক:Kamalakhya on CM: ৰাইজৰ টকা খৰছ কৰি অভিলেখ বনোৱাত ব্যস্ত মুখ্যমন্ত্ৰী: কমলাক্ষ দে' পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.