ETV Bharat / state

হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্তৰ

প্ৰসিদ্ধ সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ তেওঁৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতাই গভীৰ শোক প্ৰকাশ কৰে ৷

author img

By

Published : May 12, 2021, 10:45 AM IST

CM Himanta Biswa Sarma tweet on demise of Homen Bargohain
হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্তৰ

নিউজ ডেস্ক,12 মে’ : অসমৰ প্ৰসিদ্ধ সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত অসমীয়া সাহিত্য জগতৰ লগতে ৰাজ্যুজুৰি পৰিছে শোকৰ ছাঁ ৷ অলেখ গুণমুগ্ধৰ লগতে সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

টুইটযোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে যে, অসমীয়া জাতিয়ে এগৰাকী অভিভাৱক হেৰুৱালে ৷ যশস্বী সাংবাদিক হোমেন বৰগোহাঞিৰ বিয়োগে অসমীয়া সমাজত এক বৃহৎ শূণ্যতা কঢ়িয়াই আনিলে ৷

  • অসমীয়া জাতিয়ে আজি এগৰাকী অভিভাৱক হেৰুৱালে ৷ অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্যৰ জগতক সমৃদ্ধ কৰা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছো ৷ তেখেতৰ বিয়োগে আমাৰ মাজত এক বৃহৎ শূণ্যতাৰ সৃষ্টি কৰিলে ৷ pic.twitter.com/N3mBAzdMYM

    — Himanta Biswa Sarma (@himantabiswa) May 12, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰোপৰি, হোমেন বৰগোহাঞিৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নৱ নিৰ্বাচিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে ৷

  • প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডা· ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে ৷তেওঁ ইতিমধ্যে জিএনআৰচি হাস্পতালত উপস্থিত হৈছে ৷বৰগোহাঞিদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি পুনৰ কামনা কৰিলোঁ৷ ঔম শান্তি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ নেতা ৰিপুণ বৰাকে ধৰি বহু ৰাজনৈতিক নেতাই হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

  • বিশিষ্ট সাহিত্যিক, কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ। অসমৰ সাহিত্য, সাংবাদিকতা আৰু সমাজ জীৱনলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদান সদায়েই স্মৰণীয় হৈ ৰ'ব। তেখেতৰ বিদেহ্ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু অগণন গুণমুগ্ধলৈ গভীৰ সমবেদনা জনাইছোঁ। pic.twitter.com/4kcH2QVTic

    — Sarbananda Sonowal (@sarbanandsonwal) May 12, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

পুৱা 6.58 মিনিটত দিছপুৰস্থিত জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী সাংবাদিক হোমেন বৰগোহাঞিয়ে ৷ উল্লেখ্য যে, বিগত 7 মে’ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছিল সাহিত্যিকগৰাকীয়ে ৷

  • Deeply shocked & saddened at the demise of Homen Borgahain the great writer,critic & intellectual of Assam. My heartfelt condolences to the bereaved family.Assam will ever remember his contributions for the Assamese Culture,Literature & Society. May his soul rest in eternal peace pic.twitter.com/snzvTzFB2u

    — Ripun Bora (@ripunbora) May 12, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কিন্তু পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক জিএনআৰচিত ভৰ্তি কৰোৱা হৈছিল ৷ অৱশেষত ইহ সংসাৰৰ পৰা বিদায় মাগিলে অসমীয়া সাহিত্যৰ মহীৰূহগৰাকীয়ে ৷

লগতে পঢ়ক : জীৱন নাটৰ যৱনিকা পৰিল প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.