ETV Bharat / state

CM Himanta Biswa Sarma on ULFA (I): আলফা অসমৰহে সমস্যা, ভাৰত অথবা উত্তৰ-পূবৰ সমস্যা নহয় - Peach talk with ULFA I

আলফাৰ সমস্যাটো কেৱল অসমৰ সমস্যা বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এইটো এটা অসমৰ ঘৰুৱা সমস্যা বুলি উল্লেখ কৰি তেও কয়, উত্তৰ-পূৰ্বাঞ্চল অথবা ভাৰতৰ সমস্যা নহয় আলফা ৷

CM Himanta Biswa Sarma on ULFA I
আলফা কেৱল অসমৰ সমস্যা, ভাৰত অথবা উত্তৰ-পূবৰ সমস্যা নহয়
author img

By

Published : Jul 16, 2022, 7:18 PM IST

গুৱাহাটী, 16 জুলাই: আলফা সমস্যা কোনো ডাঙৰ সমস্যা নহয় বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on ULFA I)। জনতা ভৱনত শনিবাৰে অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে আলফাক বহুতে সমস্যা বুলি গণ্য কৰে যদিও মই আলফাক সমস্যা বুলি গণ্য নকৰোঁ । যদি আলফাক সমস্যা বুলি গণ্য কৰো তেনেহলে সেয়া কেৱল অসমৰ সমস্যা । আলফা সমস্যা দেশৰ বা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা নহয় (Problem of ULFA I)।

তেওঁ কয়- আলফা সমস্যা অসমৰ ঘৰুৱা সমস্যা । আলফাক লৈ অসম চৰকাৰ ইমান চিন্তিত নহয় । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা লগত আলোচনা কৰি সমাধান কৰিম (Peach talk with ULFA I)। উল্লেখ্য যে আলফা সমস্যা কোনো সমস্যা নহয় বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যদিও শেহতীয়াভাৱে অসমৰ কেইবাগৰাকীও যুৱক-যুৱতীয়ে আলফাত যোগদান কৰে ।

শেহতীয়াভাৱে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত বিপ্লৱী কবিতা লিখাৰ অভিযোগত যোৰহাটৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক অসম চৰকাৰে কাৰাৰুদ্ধ কৰি জে’লত ৰাখিছে । এনে পৰিপ্ৰেক্ষিতত আলফা সমস্যা কোনো সমস্যা নহয় বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই ৰহস্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: CM Press Conference: বানপানী ৰাষ্ট্ৰীয় সমস্যা হ’লে আৰ্থিক সাহাৰ্য পোৱাৰ সম্ভাৱনা নাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.