গুৱাহাটী, ৪ নৱেম্বৰ : বৰ্খাস্ত হ'ব নেকি অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ সকলো প্ৰাৰ্থী ? বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনে হাহাকাৰ লগাইছে দিছপুৰত । লোকসেৱা আয়োগৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শনিবাৰে সাংবাদিকক কয়, ‘‘বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত কৈছে, ২০১৩ত অসম লোকসেৱা আয়োগত উত্তীৰ্ণ সকলোকে চাকৰিৰ পৰা খেদিব লাগে । কিন্তু মুখ্যমন্ত্ৰী হিচাবে সকলো দিশ আইনী আৰু মানবীয় দৃষ্টিভংগীৰে চাব লাগিব । গতিকে আদাতলৰ ৰায়লৈ বাট চাই আছোঁ । আদালতে নিৰ্দেশ দিলে আদালতৰ মতে কাম কৰিব লাগিব ।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘‘তেওঁৰ দ্বিতীয় প্ৰতিবেদনখন মই চোৱা নাই । তেওঁ প্ৰথম প্ৰতিবেদন ৩৪ গৰাকীক খেদি দিব লাগে বুলি কোৱা নাই । সকলোকে খেদিবলৈ কৈছে । গতিকে বিষয়টোৰ সকলো দিশ চাই তদন্ত কৰি থকা হৈছে ।’’ উল্লেখ্য যে অসম লোকসেৱা আয়োগত কুখ্যাত ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ আৰু ২০১৪ বৰ্ষত সংঘটিত ৰাজপত্ৰিত বিষয়া নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অসম চৰকাৰে গঠন কৰিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া ন্যায়িক আয়োগ ।
ইফালে ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত ২০১৩ আৰু ২০১৪ বৰ্ষত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত লাখ লাখ টকাৰ বিনিময়ত অযোগ্য প্ৰাৰ্থীক উত্তীর্ণ কৰি ৰাজপত্ৰিত বিষয়া পাতি ব্যাপক কেলেংকাৰি সংঘটিত কৰিছিল । উক্ত কেলেংকাৰি পোহৰলৈ অহাৰ পাচত প্ৰথমে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত দুয়োটা বৰ্ষত অবৈধভাৱে নিযুক্তি লাভ কৰা বহু প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হয় ।
অৱশ্যে উক্ত গোচৰ চলাৰ পূৰ্বেই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কেলেংকাৰি সন্দৰ্ভত এটা গোচৰ ৰুজু হৈছিল । ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত কৰি থকাৰ সময়তে উচ্চ ন্যায়ালয়ৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে অসম চৰকাৰক এই কেলেংকাৰিৰ তদন্ত কৰিবৰ বাবে ন্যায়িক তদন্ত আয়োগ গঠন কৰাৰ নিৰ্দেশ দিছিল ।
সেই নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত তদন্ত আয়োগ গঠন কৰি প্ৰথমে ২০১৩ বৰ্ষৰ কেলেংকাৰিৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে । আয়োগে ২০১৩ বৰ্ষৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে ।
লগতে পঢ়ক : Assam Govt to Subsidised Tea : ৰেচন কাৰ্ড থকাসকলে পাব ৰাজসাহায্যযুক্ত চাহ; অসম চৰকাৰৰ ঘোষণা