ETV Bharat / state

ৰাজ্যৰ ‍১২৬ টা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্রীৰ - আদৰ্শ হাইস্কুল স্থাপনৰ বাবে পদক্ষেপ

কলাক্ষেত্ৰত নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ হাইস্কুলসমূহৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজন কৰা শৈক্ষিক কৰ্মশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ২২ খন আদৰ্শ হাইস্কুল অহা বছৰৰ পৰা কাৰ্যকৰীকৰণ কৰাৰ লগতে ৮১ খন অতিৰিক্ত আদৰ্শ হাইস্কুল স্থাপন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma declares establishment of model school)।

Himanta Biswa Sarma declares establishment of model school
ৰাজ্যৰ ‍১২৬ টা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্রীৰ
author img

By

Published : Apr 2, 2022, 9:19 PM IST

গুৱাহাটী, ২ এপ্ৰিল: চাহ বাগিচা অঞ্চলত শৈক্ষিক আন্তঃগাঁথনি বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে এনে অঞ্চলত ১১৯ খন আদৰ্শ হাইস্কুল স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । আনহাতে ১০ মে'ৰ পৰা চাহ বাগিচা অঞ্চলৰ ৯৭ খন আদৰ্শ হাইস্কুলৰ শৈক্ষিক বৰ্ষ আৰম্ভ হ'ব । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma declares establishment of model school)।

ৰাজ্যৰ ‍১২৬ টা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্রীৰ

শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ হাইস্কুলসমূহৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজন কৰা শৈক্ষিক কৰ্মশালাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয় (Himanta Biswa Sarma at Sankaradev Kalakshetra)। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ২২ খন আদৰ্শ হাইস্কুল অহা বছৰৰ পৰা কাৰ্যকৰীকৰণ কৰা, ৮১ খন অতিৰিক্ত আদৰ্শ হাইস্কুল স্থাপন কৰা, আদৰ্শ হাইস্কুলসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা টে'ট শিক্ষকক চাহ বাগিচাৰ আদৰ্শ উচ্চ বিদ্যালয়ত যোগদান কৰাৰ সুযোগ দিয়াকে ধৰি চৰকাৰৰ কেইবাটাও পদক্ষেপ তথা পৰিকল্পনাৰ কথা ঘোষণা কৰে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষসকলক বিদ্যালয়সমূহক আদৰ্শ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ সমৰ্পিত মনোভাবেৰে কাম কৰাৰ লগতে বিদ্যালয় পৰিদৰ্শকৰ দ্বাৰা এই বিদ্যালয়সমূহ সঘনাই পৰিদৰ্শন কৰাৰ পোষকতা কৰে । তেওঁ কয় যে ৰাজ্যৰ ‍১২৬ টা সমষ্টিতে আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব । ভাষণ প্ৰসংগত তেওঁ শিক্ষকসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় । অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সঞ্জয় কিষাণ, শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত, ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ লগতে আন বহুকেইগৰাকী জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Cabinet: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.