গুৱাহাটী, 16 জুলাই: ৰাজ্যৰ ইতিহাসত বানত সৰ্বাধিক লোকৰ মৃত্যু হৈছে এইবাৰ (Death in Assam flood)। সৰ্বাধিক ঘৰ বানত ধ্বংস হৈছে । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এইবাৰ অসমৰ বানপানীক জটিল প্ৰাকৃতিক দুৰ্যোগ বুলি চিহ্নিত কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শণিবাৰে জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে (Himanta Biswa Sarma on Assam flood situation) ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বছৰৰ দুটা বানত অসমৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ মানুহ ক্ষতিগ্ৰস্ত হৈছে । বান আৰু ভূমিস্খলনত মুঠ 195 জন লোকৰ মৃত্যু হৈছে । ইয়াৰে বানপানীত 176 জন আৰু ভূমিস্খলনত 19 জন লোকৰ মৃত্যু হৈছে । আকৌ 37 জন লোক এই পৰ্যন্ত সন্ধানহীন হৈ আছে ।
চলিত বছৰৰ দুটা বানত 34 খন জিলাৰ 9980 খন ৰাজহ গাঁও ক্ষতিগ্ৰস্ত হৈছে । মুঠ 90 লাখ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে । বানত মুঠ 25,670 টা ঘৰ সম্পূৰ্ণ আৰু 20,78,260 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । বানত মুঠ 2 লাখ 40 হাজাৰ 96 হেক্টৰ শস্যভূমি ক্ষতিগ্ৰস্ত হৈছে । আকৌ 5,483 টা পশুধনৰ মৃত্যু হৈছে ।
মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ ৰাজ্যত দুটা বানত মানুহ, পোহনীয়া জীৱ-জন্তু, ঘৰ, দলং, পথ আদিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ বাবে অসমৰ বানপানীক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এইবাৰ অসমৰ বানপানীক জটিল প্ৰাকৃতিক দুৰ্যোগ বুলি চিহ্নিত কৰিছে ।
বিভিন্ন দল-সংগঠনে দাবী কৰাৰ দৰে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিলে(Assam flood as national problem) অসমে বানপানীত ক্ষতিৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য পাব বুলি কোনো নিশ্চয়তা নাই । কিন্তু বানপানী জটিল প্ৰাকৃতিক দুৰ্যোগ বুলি চিহ্নিত হোৱাৰ বাবে অসমে বানপানীত ক্ষতিৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।