গুৱাহাটী,20 মে': মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ আধুনিকীকৰণৰ বিভিন্ন দিশ সম্পৰ্কত বিশদভাৱে আলোচনা কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত পদাৰ্পণ কৰাৰ লগে লগে 'গাৰ্ড অৱ অনাৰ'ৰে অভিবাদন জনোৱা হয় ।
![অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্রী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-09-cm-in-assam-police-hq-7209925_19052021221920_1905f_1621442960_1020.jpg)
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যৰ এক লাখ শিক্ষিত যুৱক-যুৱতীক চাকৰি প্ৰদানৰ বাবে চৰকাৰখনে সংকল্প লৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীত বৰ্তমানে খালী হৈ থকা পদসমূহ স্বচ্ছতাৰে শীঘ্ৰে কেনেদৰে পূৰণৰ পদক্ষেপ ল'ব পৰা যায়, সেই সম্পৰ্কে আলোচনা কৰা হৈছে ।
আৰক্ষীৰ বদলিকৰণ তথা পোষ্টিঙৰ ক্ষেত্ৰত সম্পূৰ্ণ মেধা আৰু দক্ষতাৰ ভিত্তিত ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে, ইয়াত যাতে কোনোধৰণৰ হস্তক্ষেপ নাথাকে, সেয়া সুনিশ্চিত কৰাৰ পদক্ষেপ সম্পৰ্কত বুধবাৰে প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা কৰা হৈছে ।
পাঁচ বছৰৰ ভিতৰতে অসম আৰক্ষীৰ মৌলিক পৰিবৰ্তন ৰাজ্যৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ৰাজ্যখনৰ আৰক্ষী থানাসমূহৰ কাম-কাজ সূচাৰুৰূপে পৰিচালিত কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ।
![অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্রী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-09-cm-in-assam-police-hq-7209925_19052021221920_1905f_1621442960_455.jpg)
তদুপৰি আৰক্ষী বাহিনীৰ লোকসকলৰ কৰ্তব্যৰ চাপ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । আনহাতে, ক’ৰবাত কিবা ছিণ্ডিকেটৰ সম্ভেদ পালে তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানক অৱগত কৰিবলৈ সাংবাদিকৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।
লগতে পঢ়ক: ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ পৰ্যালোচনা সভা