ETV Bharat / state

CM fund to flood affected student: বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীলৈ চৰকাৰৰ আৰ্থিক সাহাৰ্য

author img

By

Published : Jul 16, 2022, 5:43 PM IST

ৰাজ্যত চলিত বছৰৰ দুটাকৈ বানত ক্ষতিগ্ৰস্ত 1 লাখ 1 হাজাৰ 539 গৰাকী ছাত্ৰ-ছাত্ৰীক চৰকাৰে শণিবাৰে আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে । এই সাহাৰ্য আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই (Dr Himanta Biswa Sharma Launched special Chief Minister Scheme)।

t
CM fund to flood affected student:বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীলৈ চৰকাৰৰ আৰ্থিক সাহাৰ্য

গুৱাহাটী,১৬ জুলাই: ৰাজ্যত চলিত বছৰৰ দুটা বানত ক্ষতিগ্ৰস্ত 1 লাখ 1 হাজাৰ 539 গৰাকী ছাত্ৰ-ছাত্ৰীক চৰকাৰে শণিবাৰে আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে । মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য পুজিৰ জৰিয়তে এই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক এক হাজাৰ টকাকৈ বেংকৰ জৰিয়তে আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে (CM fund release to flood affected student)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সাহাৰ্য আঁচনিৰ শণিবাৰে জনতা ভৱনত মুকলি কৰে( Dr Himanta Biswa Sharma Launched special Chief Minister Scheme)।

ৰাজ্যত চলিত বছৰৰ দুটা বানত ক্ষতিগ্ৰস্ত হোৱা 1 লাখ 1 হাজাৰ 539গৰাকী ছাত্ৰ-ছাত্ৰীলৈ মুঠ 10 কোটি 11 লাখ 53 হাজাৰ 900 টকা মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য পুঁজিৰ জৰিয়তে আগবঢ়োৱা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে বানত ক্ষতিগ্ৰস্ত ছাত্র-ছাত্ৰী সকলৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰে এই আৰ্থিক সাহাৰ্য আগবঢ়াইছে । পৰৱৰ্তী সময়ত শিক্ষা বিভাগে বানত ক্ষতিগ্ৰস্ত ছাত্র-ছাত্ৰীসকলক পুনৰ নতুন কিতাপ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব । তেওঁ কয় যে বানত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিৱিৰত থকা 1 লাখ 89 হাজাৰ 752 টা পৰিয়ালক চৰকাৰে 3800 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে । অৱশ্য়ে এতিয়ালৈকে ইয়াৰে 3500 টা পৰিয়ালে পোৱা নাই এই ধন । তাৰ কাৰণ বেংকৰ কিছুমান খেলি-মেলি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । এইবোৰ সোনকালে দূৰ কৰি বাকী পৰিয়ালবোৰে শীঘ্ৰে তেওঁলোকৰ প্ৰাপ্য ধন বেংকৰ জৰিয়তে পাব বুলিও তেওঁ উল্লেখ কৰে । ৰাজ্যৰ ভিতৰত সৰ্বাধিক নগাঁও জিলাৰ 1700 টা পৰিয়ালে এই ধন পাবলৈ আছে বুলি তেওঁ কয় ।

বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক চৰকাৰে 4 লাখ টকাকৈ সহায় আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সদৰি কৰে । অহা আগষ্টৰ ভিতৰত চৰকাৰে পুনৰীক্ষণ সম্পূৰ্ণ কৰি বানত ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ বাবে ধন মোকলাই দিব বুলি তেওঁ কয় । আনহাতে, অহা ছেপ্টেম্বৰৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা সকলো মথাউৰি , পথ আৰু দলং মেৰামতিৰ কাম আৰম্ভ কৰা হ'ব বুলি সদৰি কৰি কয় যে এই সকলো কামত কেন্দ্ৰীয় চৰকাৰে 90 শতাংশ আৰু ৰাজ্য চৰকাৰে 10 শতাংশ আৰ্থিক অনুদান আগবঢ়াব ।

লগতে পঢ়ক:BJP joining in Assam: গেৰুৱা হ'ল কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.