ETV Bharat / state

বিদায় '২১ : সপৰিয়ালে অসম এৰিলে মুখ্যমন্ত্ৰীয়ে - পৰিয়াল সহ দিল্লীলৈ ভ্ৰমণ মুখ্যমন্ত্ৰীৰ

বছৰটোৰ অন্তিম কেইটামান দিন বাকী থকা সময়তে সপৰিয়ালে ৰাজ্যৰ বাহিৰত কটাবলৈ বুলি গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Family tour of Cm Dr Himanta Biswa Sarma) ৷

সপৰিয়ালসহ অসম এৰিলে মুখ্যমন্ত্ৰীয়ে
সপৰিয়ালসহ অসম এৰিলে মুখ্যমন্ত্ৰীয়ে
author img

By

Published : Dec 26, 2021, 1:59 PM IST

গুৱাহাটী, ২৬ ডিচেম্বৰ : নতুন বছৰলৈ মাজত মাথো কেইটামান দিনহে বাকী ৷ নতুন বছৰক আদৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে ৷ কোনোৱে যদি নিজৰ আত্মীয়-স্বজনৰ সৈতে পিকনিকলৈ গৈছে, তেনেহ'লে আন কোনোবাই আকৌ নৱবৰ্ষ উদযাপনৰ বাবে আন ঠাইলৈ ভ্ৰমণলৈ গৈছে ৷ মুঠতে সকলোৱে এতিয়া প্ৰস্তুতি চলিছে নৱবৰ্ষক আদৰাৰ বাবে ৷

সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও প্ৰস্তুত হৈছে নৱবৰ্ষ উদযাপনৰ বাবে ৷ হাজাৰটা সমস্যা, নানা প্ৰত্যাহ্বান আদিৰ পৰা সাময়িক সকাহ বিচাৰি বছৰটোৰ অন্তিম কেইটামান দিন বাকী থকা সময়তে সপৰিয়ালে ৰাজ্যৰ বাহিৰত কটোৱাৰ উদ্দেশ্যে শনিবাৰে নিশাই চাৰ্টাৰ বিমানযোগে গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Family tour of Cm Dr Himanta Biswa Sarma)।

পত্নী, পুত্ৰ আৰু কন্যাসহ দিল্লীত এটা দিন কটাই মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ'ব ডেৰাডুনলৈ ৷ মুখ্যমন্ত্ৰীৰ এই ব্যক্তিগত ভ্ৰমণসূচী হ'ব চাৰিদিনীয়া । চাৰিদিনৰ ভ্ৰমণসূচীৰে অসমৰ বাহিৰলৈ বুলি ৰাওনা হ’বলৈ লোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে ৩১ ডিচেম্বৰৰ দিনটোত অসমতে থকাৰ কথা ৷

উল্লেখ্য যে, শনিবাৰে মুখ্যমন্ত্ৰীয়ে ভাগ লয় দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা "সু-শাসনৰ দিন" শীৰ্ষক চৰকাৰী কাৰ্যসূচীত । এই কাৰ্যসূচীত অংশগ্ৰহণৰ পিছতে সপৰিয়ালে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হয় দিল্লী আৰু ডেৰাডুন অভিমুখে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাই ৩০ ডিচেম্বৰলৈকে কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী ৰখা নাই ৷

লগতে পঢ়ক : বিশিষ্ট কবি নীলমণি ফুকন আৰু শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.