ETV Bharat / state

Appointment letters distribution: ১০,০০০ শিক্ষক পদৰ বাবে নতুনকৈ বিজ্ঞাপন দিয়া‌ হ'ব: মুখ্যমন্ত্ৰী

চিকিৎসা বিভাগত তৃতীয় আৰু চতুৰ্থ ‌বৰ্গৰ আৰু শিক্ষা বিভাগৰ শিক্ষকৰ পদৰ বাবে নতুনকৈ বিজ্ঞাপন দিয়া‌ৰ বিষয়ে ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । জলসম্পদ বিভাগৰ ২২ জন অভিযন্তাৰ খালী পদ পূৰণ কৰা‌ হ'ব বুলিও আশ্বাস মুখ্যমন্ত্ৰীৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 7:08 PM IST

CM Dr Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২৭ অক্টোবৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত শুক্ৰবাৰে অনুষ্ঠিত এক অনুষ্ঠানত জলসম্পদ বিভাগৰ ৬২ গৰাকী সহকাৰী অভিযন্তাক নিযুক্তি পত্ৰ বিতৰণ কৰে । এই অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । ২০২১ চনৰ মাৰ্চৰ পৰা ২০২৩ চনৰ ৭ অক্টোবৰলৈ ৮৭ হাজাৰ ৭২০ গৰাকীক নিযুক্তি দিয়া হৈছে । তেওঁ পুনৰ কয় যে চিকিৎসা বিভাগত তৃতীয় আৰু চতুৰ্থ ‌বৰ্গৰ ৮,০০০ পদৰ আৰু শিক্ষা বিভাগৰ ১০,০০০ শিক্ষকৰ পদৰ বাবে নতুনকৈ বিজ্ঞাপন দিয়া‌ হ'ব ।‌

অহা কেইদিনত ২৫ হাজাৰতকৈ অধিক নিযুক্তি দিয়া হ'ব বুলি কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জলসম্পদ বিভাগৰ ২২ জন অভিযন্তাৰ খালী পদ পূৰণ কৰা‌ হ'ব । যোৱা দুবছৰত অভিযন্তাৰ নিযুক্তি বৃদ্ধি পাইছে । মেধাৰ‌ ভিত্তিত নিযুক্তি দিয়া হৈছে । তেওঁ লগতে কয় যে অসমত ৪০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ হৈছে ।‌‌ ইয়াৰে একাংশ ক্ষতিগ্ৰস্ত হৈ আছে । ব্ৰহ্মপুত্ৰৰ বিশাল জল সম্পদক সঠিক ব্যৱহাৰ কৰিব পৰা নাই । গৱেষণাও হোৱা নাই ।‌ পৰিকল্পনা কৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত অভিযন্তাসকলে নতুন পথৰ সন্ধান কৰিব ।

উক্ত অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই আদৰণি ভাষণ প্ৰদান কৰি কয় যে অসমৰ‌ মূল সমস্যা বানপানী আৰু গৰাহখহনীয়া । ইয়াৰ ফলত খেতিসকল বেছি ক্ষতিগ্ৰস্ত হয় । বানপানী আৰু গৰাহখহনীয়া সমস্যা সমাধান কৰাত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি কয় যে পূৰ্বতে এই বিভাগৰ পুঁজিৰ অভাৱ আছিল । শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায়ৰ বাবে জলসম্পদ বিভাগে ১৫০০-১৭০০ কোটি টকা বছৰত অসম চৰকাৰৰ পৰা ধন পোৱা হৈছে ।

জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই কয় যে ধেমাজি, মৰিগাঁও আদিত বানপানী বহুখিনি হ্ৰাস হৈছে । প্ৰতিবছৰে অসমত বানত ২৫-৩০ মথাউৰি ভাঙে ।‌ ৪১ টা মথাউৰি যোৱা বছৰ ভাঙিছিল ।‌ এইবছৰ ছটা মথাউৰি ভাঙিছে । তেওঁ অভিযন্তাসকলক ভালকৈ কাম কৰাৰ বাবে আহ্বান জনায় ।‌

লগতে পঢ়ক:Israel Attack on Gaza : গাজাত গণহত্যা অব্যাহত থাকিলে আমেৰিকাক ৰেহাই দিয়া নহ'ব; ৰাষ্ট্ৰসংঘত ইৰাণৰ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.