নিউজ ডেস্ক, 25 ডিচেম্বৰ : জম্মু-কাশ্মীৰৰ গান্ধাৰবলত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণত শ্বহীদ হোৱা অসম মাতৃৰ সন্তান মৃত্যুঞ্জয় চুতীয়াৰ মৃত্যুত শুকুৰবাৰে গভীৰ শোক প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ শ্বহীদ চিআৰপিএফ জোৱান মৃত্যুঞ্জয়ৰ ঘৰ ধেমাজি জিলাৰ চিছিবৰ গাঁৱত ৷ জম্মু-কাশ্মীৰত চিআৰপিএফ জোৱান হিচাপে দেশ মাতৃৰ সেৱাত ব্ৰতী থকা জোৱানজনে সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণৰ পাছতে শ্বহীদ হয় ৷
দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ শ্বহীদ হোৱা মৃত্যুঞ্জয়ৰ পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে ৷ লগতে জোৱানজনে দি যোৱা সাহসিকতাৰ পৰিচয় আৰু বলিদানৰ জৰিয়তে সদায় মানুহৰ অন্তৰত অমৰ হৈ থাকিব বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটী গঠন