ETV Bharat / state

২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই শুকুৰবাৰে জিলা উপায়ুক্তসকলৰ সৈতে ক’ভিড (Covid 19) সম্পৰ্কত ভিডিঅ’ কনফাৰেন্সিঙ(video conferencing) ৰ জৰিয়তে বৈঠকত মিলিত হ’ব । বৈঠকৰ পাছত পৰিস্থিতি অনুযায়ী সিদ্ধান্ত লোৱা হ'ব । এতিয়ালৈকে ২২০ টা ক’ভিড হটস্পট (Covid Hotspot) চৰকাৰে চিনাক্ত কৰিছে ৷

২৬ জুনত প্ৰকাশ পাব নতুন এছ অ' পি : মুখ্যমন্ত্রী

author img

By

Published : Jun 24, 2021, 10:01 PM IST

গুৱাহাটী, ২৪ জুন : ৰাজ্যত চলি থকা নিষেধাজ্ঞা সম্পৰ্কত 26 জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা (SOP) ৷ কৰ’ণা ভাইৰাছ (Corona-19) সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত অব্যাহত থকা নীতি-নিৰ্দেশনা তথা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই বৃহস্পতিবাৰে ঘোষণা কৰে এই কথা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৬ জুন অৰ্থাৎ শনিবাৰে ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা (SOP) প্ৰকাশ পাব বুলি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপি (BJP)ৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই লগতে শুকুৰবাৰে জিলা উপায়ুক্তসকলৰ সৈতে ক’ভিড সম্পৰ্কে এক দীঘলীয়া আলোচনাত মিলিত হোৱাৰ কথাও জানিবলৈ দিয়ে । ভিডিঅ’ কনফাৰেন্সিঙ (video conferencing)ৰ জৰিয়তে হ’বলগীয়া এই বৈঠকৰ পিছতহে যদি কোনো জিলাত লকডাউন (Lockdown) প্ৰযোজ্য কৰিবলগীয়া হয় তেন্তে সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে, ৰাজ্যত এতিয়ালৈকে 220 টা ক’ভিড হটস্পট (Covid Hotspot) চৰকাৰে চিনাক্ত কৰিছে । গতিকে এইসমূহ হটস্পটক কণ্টেইনমেণ্ট কৰি বাকীসমূহ ঠাই খুলিব পাৰি নেকি সেই সন্দৰ্ভত উপায়ুক্তৰে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ'ব ।

আনহাতে, গোলাঘাট আৰু বিশ্বনাথৰ ক’ভিড পৰিস্থিতিক লৈ এতিয়াও চৰকাৰ চিন্তিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কাছাৰ, ডিব্ৰুগড়, তিনিচুকীয়াত পৰিৱেশ কিছু উন্নত হোৱাৰ কথা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যিসমূহ জিলাত পৰিৱেশ উন্নত হৈছে তাত শিথিলতা অনাৰ সম্ভাৱনা আছে বুলিও ইংগিত দিয়ে । উল্লেখ্য যে, আজি জনতা ভৱন (Janata Bhawan)ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় সতীৰ্থ তথা সদস্যসকলৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক : মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্ৰী অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.