গুৱাহাটী,১ অক্টোবৰ: দেশভক্ত তৰুণৰাম ফুকন ইনদ'ৰ ষ্টেডিয়ামত পাঁচদিনীয়াকৈ অনুষ্ঠিত দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ শুক্ৰবাৰে সন্ধিয়া সামৰণি পৰে(South Asia Regional Junior Badminton Championship) । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে অসম বেডমিণ্টন সন্থা(Assam Badminton Association)ক এই প্রতিযোগিতা আয়োজনৰ সুযোগ দিয়াৰ বাবে বেডমিণ্টন এছিয়া আৰু বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়া(Badminton Association of India)ক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে এইবাৰকে ধৰি অসমত তৃতীয় বাৰৰ বাবে অসম বেডমিণ্টন সন্থাই এই আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে সুযোগ লাভ কৰিছে । সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ১৫ আৰু ১৭ বছৰ অনুৰ্দ্ধৰ ল'ৰা-ছোৱালীয়ে অনবদ্য প্রদর্শন দেখুৱাবলৈ সক্ষম হৈছে । এই প্রতিযোগিতাৰ জৰিয়তে দেশ তথা ৰাজ্যখনৰ প্ৰতিভাধাৰ বেডমিণ্টন খেলুৱৈসকলক নিজৰ দক্ষতা দেখুৱাৰ বাবে সুযোগ প্রদান কৰিলে ।
এই প্রতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই অতিশয় আনন্দিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক্রীড়া প্রতিভা বিকাশৰ ক্ষেত্ৰত ই এক সঠিক মঞ্চ হিচাপে বিবেচিত হৈছে । ইয়াৰ জৰিয়তে পৰবর্তী পর্যায়ত তেওঁলোকে নিজৰ ক্রীড়া প্রতিভা অধিক বিকশাই তোলাৰ বাবে সুযোগ লাভ কৰিব । তেওঁ লগতে কয় যে এই আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাখন অসমে সফলতাৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।
এই প্রতিযোগিতাত পদক লাভ কৰা আৰু উন্নত ক্রীড়া নৈপুণ্যতা প্ৰদৰ্শন কৰা খেলুৱৈসকলক মুখ্যমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্রীয়ে বিজয়ী দলসমুহক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মেডেল প্ৰদান কৰে । উল্লেখ্য যে ভাৰত, বাংলাদেশ, শ্রীলংকা, ভুটান, নেপাল, মালদ্বীপকে ধৰি ৬ খন দেশৰ প্ৰায় ৭০ গৰাকী খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে ।
এই সামৰণি অনুষ্ঠানত উপস্থিত আছিল অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ কাৰ্যকৰী সভাপতি তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক তৰংগ গগৈ, বেডমিণ্টন এছিয়া(Badminton Asia)ৰ সচিব প্রধান মুছা নাছিদ, অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ উপ-সভাপতি পাৰ্থ সাৰথি মহন্ত আৰু অন্যান্য গণ্য-মান্য ব্যক্তি তথা ক্রীড়াবিদ ।
লগতে পঢ়ক: ধুবুৰীৰ নাও দুৰ্ঘটনাস্থলীলৈ সাংসদ-মন্ত্ৰী-বিধায়কৰ সোঁত