ETV Bharat / state

Alcohol ban: এইবাৰ কোনেও সুৰাপান কৰি চাবলৈ যাব নোৱাৰিব বিহুৰ অনুষ্ঠান - সুৰাপান কৰি নাযাব বিহুৰ অনুষ্ঠানলৈ

ৰাজ্যৰ সুৰাপায়ীসকললৈ মুখ্যমন্ত্ৰীৰ সকীয়নি ৷ এইবাৰ বিহু অনুষ্ঠানলৈ সুৰাপান কৰি আহিব নোৱাৰিব কোনো লোক ৷ নিৰ্দিষ্টি সীমা বান্ধি দিলে চৰকাৰে (avoid drinking alcohol near bihu function) ৷

avoid drinking alcohol near bihu function
সুৰাপান কৰি নাযাব বিহুৰ অনুষ্ঠানলৈ
author img

By

Published : Apr 12, 2023, 9:59 PM IST

সুৰাপান কৰি নাযাব বিহুৰ অনুষ্ঠানলৈ

গুৱাহাটী, ১২ মাৰ্চ : “মদ খোৱাত আমিও বাধা নিদিও ৷ দোকানতো আমিয়েই খুলি ৰাখিছো ৷ কিন্তু তাৰ স্থান, কাল, পাত্ৰ জনাতো খুব প্ৰয়োজনীয় আৰু মানুহৰ মাজত এটা বিশ্বাস হ’ব লাগে যে বিহুৰ চান্দা তোলাৰ টকাৰে তেওঁলোকে মদ খোৱা নাই ৷” বুধবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma comments on Bihu) ৷

কিন্তু কিয় কৰিলে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য ? ব’হাগ বিহুৰ অনুষ্ঠানত সুৰাৰ অবাধ প্ৰচলনক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লগতে উদ্বিগ্ন বিহুৰ বাবে বলপূৰ্বক চান্দা তোলা কাৰ্যক লৈও (CM asked everyone to avoid drinking alcohol) ৷

“ব’হাগ বিহুক আমি কেতিয়াও সুৰাৰ সৈতে জড়িত কৰিব নালাগে ৷ এই ব্যৱস্থাটোৱে বিশ্ব দৰবাৰত আমাক এটা তুলুঙা জাতিলৈ পৰিৱৰ্তন কৰে ৷” এই মন্তব্যৰে বিহুত সুৰাৰ প্ৰচলন আৰু জোৰকৈ চান্দা তোলা প্ৰসংগত নিজৰ মত প্ৰকাশ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বুধবাৰে অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ মুঠ ২,১১৪ খন বিহু সমিতিক ১.৫ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় (CM asked to avoid drinking alcohol during bihu) ৷

উক্ত অনুষ্ঠানত এইদৰে মন্তব্য কৰি সকলোকে বিহুৰ দিনকেইটাত বিশ্ব মানচিত্ৰত অসমক হেয় প্ৰতিপন্ন নকৰাবলৈ অনুৰোধ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অনুষ্ঠানটোত মুখ্যমন্ত্ৰীয়ে কয়, "জাতিৰ গামোচা ডিঙিত লৈ আমি মানুহৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে ৷ বিহুৰ পেণ্ডেলত সুৰাৰ প্ৰচলনে জাতিটোক দুৰ্বল কৰি তুলিছে । সুৰা ঘৰত সেৱন কৰক তাত ক’বলগীয়া নাই" ৷ বিহু পেণ্ডেলৰ 200 ৰ পৰা 500 মিটাৰ ভিতৰলৈ যাতে কোনোৱে সুৰা সেৱন কৰি সোমাব নোৱাৰে তাৰ বাবে ৰাজ্যৰ বিহু সমিতি সমূহৰ লগতে অসমবাসীলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (avoid drinking alcohol near bihu function) ৷

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰষুণ দিলে মঞ্চবিহু অনুষ্ঠানত বোকাত বাগৰি বিকৃত উদ্দাম নৃত্য কৰা প্ৰসংগতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Financial assistance: দুই সহস্ৰাধিক বিহু সমিতিক ডেৰ লাখকৈ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.