গুৱাহাটী,৬ মে': এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্রতিশ্রুতি ৰক্ষাৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ । ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্রথম বর্ষপূর্তি পালন কৰিব(BJP Government will celebrate its first anniversary) ।
এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ ক্ষেত্রত চৰকাৰখন একপ্ৰকাৰ ব্যৰ্থ হ'ল যদিও বৰ্ষপূৰ্তিৰ পাছতে ১৪ মে’ত বিশেষ কার্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত ২৩ হাজাৰ বাছনিকৃত প্রার্থীৰ হাতে হাতে তুলি দিব নিযুক্তি-পত্র । খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা ইতিমধ্যে ৰাজহুৱা কৰিছে ।
উল্লেখ্য যে বিধানসভা নির্বাচনৰ পূর্বে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ আহিলে এবছৰৰ ভিতৰত লাখ নিবনুৱাক গণি গণি চৰকাৰী চাকৰি দিব বুলি তেতিয়াৰ শিক্ষা তথা বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রতিশ্রুতি দিছিল । অৱশ্যে চৰকাৰ গঠনৰ ১০ মে’ত এবছৰ সম্পূৰ্ণ হ'ব যদিও এবছৰৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি দিবলৈ সক্ষম নহ’ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ।
কিন্তু ১ লাখ নিযুক্তিৰ প্রতিশ্রুতি পূৰণ কৰাৰ বাবেও চৰকাৰে প্রয়োজনীয় কার্য ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জুনৰ ভিতৰত নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ বাবে সাজু হৈছে । ইয়াৰে অংশ হিচাপে চৰকাৰে ১৪ মে'ত শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত ২৩ হাজাৰ বাছনিকৃত প্রার্থীক নিযুক্তি-পত্ৰ বিতৰণ কৰিব ।
অৱশ্যে কোন বিভাগত কিমান পদত নিযুক্তি দিব তাক ৰাজহুৱা কৰা নাই যদিও শিক্ষা বিভাগে নিযুক্তি দিবলগীয়া নিম্ন আৰু উচ্চ প্রাথমিকৰ লগতে হাইস্কুল শিক্ষক পদত পূর্বে চাকৰি লাভ কৰা একাংশ প্রার্থীয়েই পুনৰবাৰ নিযুক্তি লাভ কৰিব বুলিও অভিযোগ উঠিছে ।
অর্থাৎ কোনো টেট উত্তীর্ণ শিক্ষকে পূর্বতে যদি প্রাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰিছিল এইবাৰ হাইস্কুল শিক্ষক পদত আবেদন কৰি বাছনি লাভ কৰা বুলিও চর্চা লাভ কৰিছে । অভিযোগ অনুসৰি টেট শিক্ষক পদত নিযুক্তিৰ বাবে বাছনি লাভ কৰা প্রার্থীৰ ৫০-৬০ শতাংশহে নতুন প্রার্থী । বাকীসকল পূর্বতে বিভিন্ন স্থানত শিক্ষক পদত কৰ্মৰত বুলিও অভিযোগ উঠিছে ।
তাৎপর্যপূর্ণভাৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বর্ষপূর্তিৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডই বিশেষ সাফল্য লাভ কৰিছে । কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ বার্ষিক প্রতিবেদনত শিক্ষাখণ্ডৰ পাৰদৰ্শিতা মূল্যায়ণ সূচাংকৰ ক্ষেত্ৰত অসমে ১,০০০ নম্বৰৰ ভিতৰত ৮৩৮.৬ নম্বৰ লাভ কৰিছে । আনহাতে বিগত বৰ্ষত অসমৰ শিক্ষাৰ মান ষষ্ঠ স্তৰত আছিল যদিও এইবাৰ চতুর্থ স্তৰলৈ উন্নত হৈছে ।
লক্ষণীয় বিষয় যে ৰাজ্যৰ শিক্ষা বিভাগতে যথেষ্ট সংখ্যক পদ খালী হৈ আছে । বিত্তীয় সংকটৰ বাবে ৰাজ্য চৰকাৰে নিযুক্তিৰ ক্ষেত্রত আগবাঢ়িব পৰা নাই । এনে পৰিস্থিতিত চৰকাৰখনে প্ৰতিশ্ৰুতি অনুসৰি এক লাখ চাকৰি কেতিয়া প্ৰদান কৰিব সেয়া সময়েহে ক'ব ।
লগতে পঢ়ক: উখল মাখল বৰগছ: কাজিৰঙাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক