ETV Bharat / state

Condolence to Pulak Gogoi: পুলক গগৈলৈ মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱালৰ শ্ৰদ্ধাঞ্জলি

চিত্ৰশিল্পী, কাৰ্টুনিষ্ট তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ(Pulok Gogoi passes away) । অসমবাসীয়ে এগৰাকী বিশিষ্ট চিত্ৰশিল্পী, কাৰ্টুনিষ্ট, চলচ্চিত্ৰ হেৰুৱালে বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

cm and sarbananda sonowal condolence
পুলক গগৈলৈ মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱালৰ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Nov 12, 2022, 7:35 PM IST

গুৱাহাটী,১২ নৱেম্বৰ: শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈয়ে ৷ বিগত দীৰ্ঘসময় ধৰি অসুস্থ হৈ আছিল যশস্বী পৰিচালকগৰাকী (Pulok Gogoi passes away) ৷ কেবাটাও ৰোগত আক্ৰান্ত হৈ থকা গগৈৰ চিকিৎসা চলি আছিল বিগত কেবামাহজুৰি ৷ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে । ছ'চিয়েল মিডিয়াযোগে শোকপ্ৰকাশ কৰে মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে(CM condoles Pulak Gogoi death) । তেঁও কয় যে ১৯৩৮ চনত জন্মগ্ৰহণ কৰা গগৈয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰি অসমীয়া চলচ্চিত্ৰৰ জগতখন সমৃদ্ধ কৰি গৈছে । খোজ, শ্ৰীমতী মহিমাময়ী, সূৰুয, সেন্দুৰ, মমতাজ, সদৰী, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদি বহু জনপ্ৰিয় অসমীয়া ছৱিৰ পৰিচালক পুলক গগৈৰ দেহাৱসান সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

ইফালে চিত্ৰশিল্পী, কাৰ্টুনিষ্ঠ তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো(Union Minister Sonowal condoles Pulak Gogoi death) ৷ সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে প্ৰখ্যাত চিত্ৰশিল্পী তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈদেৱে জনপ্ৰিয় সৃষ্টিৰাজিৰে অসমৰ কলা-সংস্কৃতিৰ জগতখনক সমৃদ্ধ কৰি থৈ গৈছে । পুলক গগৈদেৱৰ বিভিন্ন চিত্ৰ খোজ, ৰে'লৰ আলিৰ দূবৰি বন, সূৰুয আদি চিনেমাসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল । তেখেতৰ বিয়োগৰ খবৰ পাই অত্যন্ত মৰ্মাহত হৈছোঁ বুলি উল্লেখ কৰে সোণোৱালে ।

লগতে পঢ়ক: Dalgaon boy creates Assam Pay app: অসমৰ যুৱকে উদ্ভাৱন কৰিলে নতুন ৰিচাৰ্জ এপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.