ETV Bharat / state

ক’ভিড অধিনিয়মৰ মাজেৰে আজিৰে পৰা ৰাজ্যত বিদ্যালয়ৰ পাঠদান আৰম্ভ

author img

By

Published : Sep 21, 2020, 7:11 AM IST

সম্পূৰ্ণ ছটা মাহৰ বিৰতিৰ পাছত ৰাজ্য়ত পুনৰ আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান ৷ ক’ভিড-19 ৰ সকলো নিয়ম মানি চলি 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্য়ৰ সকলো বিদ্যালয়তে নৱম, দশম, একাদশ আৰু দাদ্বশ শ্ৰেণীৰ পাঠদানৰ বাবে নিৰ্দেশ চৰকাৰৰ ৷

ক’ভিড নিয়মৰ মাজেৰে আজিৰে পৰা ৰাজ্যত চলিব বিদ্যালয়ৰ পাঠদান

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ : আজিৰে পৰা অসমৰ বিদ্যালয়সমূহত আৰম্ভ হ’ব পাঠদান ৷ কৰ’ণা মহামাৰীৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহত পুনৰ নিয়মীয়া গতিৰে আৰম্ভ শিক্ষাদান প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, এক জাননী যোগে ৰাজ্যৰ শিক্ষা বিভাগে পাঠদান পুনৰ আৰম্ভ কৰিবৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছিল বিদ্যালয় সমূহলৈ ৷ অৱশ্যে ক’ভিড-19 ৰ অধিনিয়ম মানি কেতবোৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যালয় সমূহক নিৰ্দেশ দিয়া হৈছে ৷

সেই অনুসৰি শ্ৰেণীকোঠা খোলাৰ পূৰ্বেই ছমাহ ধৰি বন্ধ হৈ থকা বিদ্যালয় গৃহসমূহ পৰিস্কাৰ পৰিচন্ন কৰাৰ লগতে ছেনিটাইজেছনৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে চৰকাৰী নিয়ম অনুসৰি শিক্ষকসকলকো ক’ভিড-19 ৰ পৰীক্ষা কৰোৱা হৈছে ৷ শ্ৰেণীকোঠাত প্ৰায় ছয় ফুট ব্যৱধানত বহিব লাগিব শিক্ষাৰ্থী সকল ৷ শ্ৰেণীকোঠালৈ অহাৰ সময়ত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অভিভাৱকৰ পৰা লিখিত অনুমতি লৈ আহিব লাগিব বুলি নিৰ্দেশনা যোগে জনাইছে শিক্ষা বিভাগে ৷

যিহেতু কৰ’ণা অতিমাৰীৰ বাবে অধিক জনসমাগম কৰাত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে, সেয়ে দুটা গোটত বিভক্ত কৰি ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত পাঠদানৰ দিহা কৰা হৈছে ৷ অৱশ্যে, নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবেহে ৰাজ্যত আৰম্ভ কৰা হৈছে পাঠদানৰ ব্যৱস্থা ৷ নিৰ্দেশনা অনুসৰি, সকলো বিদ্যালয়তে সোম, বুধ আৰু শুকুৰবাৰে চলিব নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান । মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব । প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থী সকলক দুটাকৈ গোটত ভাগ কৰি এটা গোটক পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু আনটো গোটক দিনৰ ১ বজাৰ পৰা বিয়লি ৪ বজালৈ পাঠদান কৰা হ’ব ।

প্ৰথমটো গোটৰ শিক্ষাৰ্থীসকল ঘৰলৈ ঘূৰি যোৱাৰ পাচতহে আৰম্ভ হ’ব দ্বিতীয়টো গোটৰ পাঠদান । বিদ্যালয় সমূহত ৫০ শতাংশ শিক্ষক-কৰ্মচাৰী উপস্থিত থাকিব লাগিব । যিসকল শিক্ষক-কৰ্মচাৰী বৃক্ক, মধুমেহ, হৃদৰোগ আৰু কৰ্কট ৰোগত আক্ৰান্ত তেওঁলোকক বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত এই এছ অ' পিৰ জৰিয়তে বাৰণ কৰা হৈছে । চৰকাৰ তথা শিক্ষাবিভাগৰ এই পদক্ষেপক বহুতে সঁহাৰি জনোৱাৰ বিপৰীতে আন একাংশই তীব্ৰ সমালোচনা কৰিছে ৷ যিহেতু শেহতীয়াকৈ ৰাজ্যত ক’ভিড -19 ৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, এনে পৰিস্থিতিত অভিভাৱকে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ পঠিয়াব নে নাই তাকে লৈ এক সন্দিহানৰো সৃষ্টি হৈছে ৷

লগতে পঢ়ক : আন্দোলনত নামিব সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.