ETV Bharat / state

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন জাৰি - CJM court summons CM Himanta Biswa Sarma

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতে জাৰি কৰিছে চমন (Summons CM Himanta Biswa Sarma)। নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা সম্বন্ধীয় এক গোচৰত আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে ।

Summon to Himanta Biswa Sarma
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন জাৰি
author img

By

Published : Feb 23, 2022, 8:22 PM IST

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: আদালতত হাজিৰ হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীলৈ আদালতে জাৰি কৰিছে চমন (CJM court summons CM Himanta Biswa Sarma)। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা সম্বন্ধীয় এক গোচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে ।

২৫ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হোৱা বাবে মুখ্যমন্ত্ৰী শৰ্মাক কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে চমন জাৰি কৰিছে । নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাই ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত এটা চেটেলাইট নিউজ চেনেলক সাক্ষাৎকাৰ দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । নিৰ্বাচনী প্ৰচাৰৰ সময় শেষ হোৱাৰ পিছতো চেটেলাইট চেনেলত সাক্ষাৎকাৰ দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৷

অভিযোগকাৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডিজিটেল প্ৰমাণো দাখিল কৰিছিল । আদালতে নিউজ চেনেলটোৰ প্ৰতিনিধিকো আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে । বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা হিমন্ত বিশ্ব শৰ্মাই এগৰাকী মন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰি থকাৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছিল ।

লগতে পঢ়ক: এটা সময়ত অসমত ক্ৰাইম নোহোৱা হৈ যাব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.