গুৱাহাটী, 5 মে' : মহানগৰীত পুনৰ মুকলি কৰি দিয়া হল ব্যক্তিগত খণ্ডৰ 200 খন চিটি বাছ ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰয় আৰু বাছ কৰ্তৃপক্ষৰ সিদ্ধান্ত মৰ্মে মহানগৰীত চলাচল কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে এইসমূহ বাছক ৷
সোমবাৰে চলাচল কৰা 100 খন বাছত যাত্ৰীৰ ভিৰৰ বাবে মহানগৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত ৷ লগতে চলাচল কৰিব দিয়া বাছ সমূহত নীতি-নিৰ্দেশনা পালন কৰা হৈছে নে নাই সেই সম্পৰ্কে অৱগত হবলৈ মংগলবাৰে মহানগৰীৰ বিভিন্ন স্থানত উপস্থিত হয় কামৰূপ মহানগৰ পৰিবহন বিষয়া বাপন কলিতা আৰু পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰয়ই ৷
আনহাতে চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰতিখন বাছক সামাজিক দুৰত্ব বজাই চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰয়ই ৷
লগতে পঢ়ক : ওদালগুৰিত হাতী মানুহৰ সংঘাতত আহত এজন