গুৱাহাটী, 30 জুন : চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground) স্থাপনৰ বিৰুদ্ধে অব্যাহত আছে স্থানীয় লোকৰ প্ৰতিবাদ । চন্দ্ৰপুৰৰ স্থানীয় ৰাইজে বুধবাৰে পুৱা বন্ধ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ ওজৰ আপত্তিক একাষৰীয়া কৰি সোমবাৰে পুৱা চন্দ্ৰপুৰ (Chandrapur)ত উপস্থিত হৈছিল গুৱাহাটী পৌৰ নিগম (GMC)ৰ জাৱৰ ভৰ্তি ডাম্পাৰ । পৌৰ নিগম তথা আৰক্ষী প্ৰশাসনৰ সহযোগত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চন্দ্ৰপুৰত উপস্থিত হৈছিল জাৱৰ ভৰ্তি ডাম্পাৰকেইখন ।
সাতখনকৈ পৌৰ নিগমৰ ডাম্পাৰেৰে যুদ্ধসদৃশ পৰিৱেশৰ মাজেৰে চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্প (Chandrapur Thermal Power Plant)ত থকা আবাসীক এলেকালৈ নিয়া হৈছিল জাৱৰ ভৰ্তি গাড়ীসমূহ । মঙলবাৰে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে দোকান-পোহাৰ বন্ধ ৰাখি সাব্যস্ত কৰে প্ৰতিবাদ । কোনো কাৰণতে চন্দ্ৰপুৰত পৌৰ নিগম (Municipal Corporation)ৰ জাৱৰ পেলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে ।
উল্লেখ্য যে, ২৬ জুনৰ পৰা চন্দ্রপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground) স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰৰ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ । ২৬ জুনত নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও ৰাজ্যিক ঘাইপথ অৱৰোধৰ লগতে ২৮ জুনত ১০ ঘন্টীয়া অনশনৰ পাছতেই মঙলবাৰে পুনৰ ৰাইজে স্বতঃস্ফূৰ্তভাবে পালন কৰে বন্ধ ।
আনহাতে বুধবাৰে পুৱা স্থানীয় ৰাইজে বন্ধ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া আহি নিৰ্বাপিত কৰে টায়াৰ ।বন্ধৰ সময়ছোৱাত চন্দ্ৰপুৰৰ পৰা মহানগৰীলৈ চলাচল কৰা সকলো যান-বাহনৰ চলাচল বন্ধ ৰাখে স্থানীয় ট্রেকাৰ সন্থাই । আনহাতে, চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground) কৰাৰ বাবে বদ্ধ পৰিকৰ চৰকাৰ । সেয়েহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও ৰাজ্যিক ঘাইপথৰ দুয়োকাষে চন্দ্ৰপুৰৰ পৰা তাপবিদ্যুৎ প্ৰকল্প (Chandrapur Thermal Power Plant)ৰ আবাসস্থলীলৈ গঢ়া হৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ।
লগতে পঢ়ক : হিমন্ত চৰকাৰৰ নতুন সমীকৰণ: হাগ্ৰামা হ'ব কেবিনেট মন্ত্ৰী