গুৱাহাটী, ৩ জুলাই : মণিপুৰৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ অৱসান বিচাৰি আৰু মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যৰে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হয় । চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতি আৰু কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক লৈ গঠিত হিল পাৰ্টী সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই নাগৰিক অভিৱৰ্তন । অভিৱৰ্তনত গুৱাহাটীৰ বিশিষ্ট নাগৰিকসকলৰ লগতে মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ চানা জাবা আৰু কুকি সম্প্ৰদায়ৰ লেমিনলাল নেইথাম উপস্থিত থাকে ।
দুয়োগৰাকী মণিপুৰী ব্যক্তিয়ে তেওঁলোকৰ বক্তব্যত মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰে । আনহাতে, অসমে মণিপুৰৰ পৰিস্থিতিক লৈ কিবা এটা কৰাৰ বাবে তেওঁলোক দুয়োৱে কাতৰ আহ্বান জনায় । নিজৰ বক্তব্যত মণিপুৰী ব্যক্তি দুগৰাকীয়ে কয় যে মণিপুৰত উভয় সম্প্রদায়ৰ মাজত সংঘাত আছিল যদিও তেওঁলোকে শান্তিপূর্ণভাৱে সহাৱস্থানৰ জৰিয়তে জীয়াই থাকিবলৈ শিকিছিল । কিন্তু স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃতকালত এনে নিষ্ঠুৰ হিংসাজনিত পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল ।
উল্লেখ্য, চিপিআই (এম-এল)ৰ কেন্দ্রীয় সমিতিৰ সদস্য বলীন্দ্ৰ শইকীয়া আৰু অসম ৰাজ্যিক সমিতিৰ সদস্য নৰেন বৰাক লৈ গঠিত সভাপতিমণ্ডলীয়ে পৰিচালনা কৰা অভিৱৰ্তনৰ উদ্দেশ্য বাখ্যা কৰে পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে । অভিৱৰ্তনত বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামী, বিশিষ্ট সাংবাদিক নয়ন কুমাৰ ভূঞা, নৰ্থ ইষ্ট পীচ ফ'ৰামৰ এলেন ব্ৰুক, আইআইটি গুৱাহাটীৰ অধ্যাপক বসুন্ধৰা জয়ৰথ, কটন কলেজৰ অধ্যাপক ঋতুৰাজ কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কলিতা, হিল পাৰ্টী সমিতিৰ সম্পাদক ৰবি কুমাৰ ফাংচু, প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদিকা মৃণালী দেৱী, বিশিষ্ট শিল্পী ৰবিৰাম ব্ৰহ্ম, AICCTU-ৰ ৰাজ্যিক নেতা বীৰেন কলিতা, সুভাষ সেন, পংকজ কুমাৰ দাস, পাৱাৰ ৱৰ্কাছ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীনেশ গোস্বামীকে প্ৰমুখ্য কৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গই অংশগ্রহণ কৰে ।
আনহাতে, অভিৱৰ্তনে মণিপুৰৰ শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত উদ্বেগ প্রকাশ কৰে । লগতে মণিপুৰত শান্তি স্থাপনৰ স্বাৰ্থত মুখ্যমন্ত্রী বীৰেণ সিঙৰ পদত্যাগ দাবী কৰে । এই অভিৱৰ্তনতে শিক্ষাবিদ, শিল্পী, সাহিত্যিক, সাংবাদিক আৰু সমাজৰ বিভিন্ন অংশৰ লোকক লৈ মণিপুৰলৈ এটি শান্তিযাত্রা উলিওৱাৰ আহবান জনাই প্ৰস্তাৱ গ্রহণ কৰা হয় । ইয়াৰ উপৰি এই অভিৱৰ্তনৰ সফলতা কামনা কৰি শ্বিলং টাইমছৰ সম্পাদক প্ৰেট্ৰিচিয়া মুখিমে এটি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে । সভাৰ আৰম্ভণিতে মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিত মৃত্যুবৰণ কৰা নাগৰিকসকল আৰু অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি সুদক্ষিণা শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
লগতে পঢ়ক :Manipur violence : মণিপুৰত স্থানচ্যুত প্ৰায় ৭০ হাজাৰ; হিংসাত্মক ঘটনাত বিঘ্নিত আঞ্চলিক শান্তি