গুৱাহাটী ১৬ মে’: সোমবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু হ’ল সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (SI Junmoni Rabha accident) । কিন্তু এই মৃত্যুক যে, এতিয়া সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে । সঁচাকৈ এয়া পথ দুৰ্ঘটনা, নে পৰিকল্পিত হত্যাকাণ্ড ! সময় বাগৰাৰ লগে লগে উত্থাপিত বহুবোৰ প্ৰশ্নৰ । পৰিয়ালৰ লোকে এই দুর্ঘটনাৰ এক উচ্চ পৰ্যায়ৰ এক তদন্তৰ দাবী জনাইছে । ইফালে এই সন্দৰ্ভত আৰক্ষী সঞ্চালক জি পি সিঙে টুইট কৰি সমগ্ৰ ঘটনাটো তদন্তৰ আওতাত আনিবলৈ অসম আৰক্ষী আৰু CID ক নিৰ্দেশ প্ৰদান কৰিছে (CID to Probe Junmoni Rabha Death Case)৷
আনহাতে, শোকত ম্ৰিয়মান জোনমণিৰ জ্যেষ্ঠ ভাতৃ কৰুণা ৰাভাই কয় যে, খবৰ অনুসৰি নিশা আভাজ্যোতি ৰাভা নামৰ আন এগৰাকী SI সৈতে ওলাই গৈছিল জোনমনি ৰাভা । কিন্তু তেওঁৰ লগত যোগাযোগ হোৱাত তেওঁ লগত যোৱা নাই বুলি কৈছিল । জোনমণিক SP য়ে মাতিছিল বুলিও খবৰ ওলাইছিল । কিন্তু কিয় ইমান নিশা অকলেই ওলাই গৈছিল জোনমণিয়ে (SI Junmoni Rabha death case)?
ইফালে জোনমণি ৰাভাৰ মাতৃৰ অভিযোগ অনুসৰি জোনমণিক আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল । সোমবাৰে নিশা ১০ বজাৰ পিচত জোনমণি ৰাভাক পোৱা নাছিল ফোনত । নিশা ১২.৩০ বজাত ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে । এই অভিযানত আৰক্ষীয়ে ১ লাখ ৩০ হাজাৰ টকা জোনমণিৰ ঘৰৰ জব্দ কৰিছিল বুলি জানিব পৰা গৈছে ৷
ইয়াৰ পাচতেই এতিয়া সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে (SI Junmoni Rabha accident is in mystery) । সমগ্ৰ ঘটনাটো উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া জড়িত থকাৰ সন্দেহ জোনমণিৰ পৰিয়ালৰ । আৰক্ষীৰ উচিত তদন্তৰ পিচতহে পোহৰলৈ আহিব সকলো কথা ।
ইফালে মঙলবাৰে দিনৰ ভাগত SI জোনমণি ৰাভাৰ নশ্বৰ দেহ কাহিলিপাৰাৰ দক্ষিণগাঁওস্থিত বাসভৱনত লৈ অহাৰ পিচতে এক শোকাকুল সৃষ্টি হয় । বিষয়াগৰাকীৰ নশ্বৰ দেহ শেষবাৰৰ বাবে স্ব-স্বক্ষে প্ৰত্যক্ষ কৰাৰ বাবে উপস্থিত হয় হাজাৰ হাজাৰ লোক ।
অতি সহজ সৰল সকলোৰে লগত মিলি থকা ছোৱালীজনীৰ মৃত্যু যেন সহজভাৱে মানি ল’ব পৰা নাই কোনেও । দক্ষিণগাঁৱৰ ঘৰখনত শেষ বিদায় জনোৱাৰ পিচত বিয়লিভাগত দক্ষিণগাঁৱৰ ৰাজহুৱা জনজাতীয় শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় সাহসী আৰক্ষী বিষয়াগৰাকীৰ ।
লগতে পঢ়ক : SI Junmoni Rabha passes away: জোনমণি ৰাভাৰ মৃত্যুত শোকাৰ্ত গড়মূৰ আৰক্ষী থানা