ETV Bharat / state

ক্ৰাইম ব্ৰাঞ্চৰ নামত ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

গুৱাহাটীৰ বেলতলাৰ পৰা গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ উপেন্দ্ৰ পাণ্ডেক । নিজকে ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক বুলি চিনাকি দি চি আই ডিৰ বিভিন্ন গোচৰৰ সন্দেহযুক্ত বা অভিযুক্তৰ পৰা ধন দাবী কৰি আহিছিল উপেন্দ্ৰই ।

author img

By

Published : Jun 14, 2022, 8:46 PM IST

ক্ৰাইম ব্ৰাঞ্চৰ নামত ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত
ক্ৰাইম ব্ৰাঞ্চৰ নামত ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

গুৱাহাটী, ১৪ জুন: অসম আৰক্ষীৰ চি আই ডিয়ে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে উপেন্দ্ৰ পাণ্ডে নামৰ এজন প্ৰৱঞ্চকক (CID arrested Fraud Upendra Pandey) । লোকজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে । চি আই ডিয়ে জানিব দিয়া মতে মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা যদিও বৰ্তমান গুৱাহাটীৰ বেলতলাত থকা পাণ্ডেই নিজকে ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক বুলি চিনাকি দি চি আই ডিৰ বিভিন্ন গোচৰৰ সন্দেহযুক্ত বা অভিযুক্তৰ পৰা ধন দাবী কৰি আহিছিল ।

ধন দাবী কৰা লোকসকলক দোষমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁ এই কৰ্মকাণ্ড সংঘটিত কৰি আহিছিল । এনে তথ্য লাভ কৰাৰ লগে লগে চি আই ডিয়ে গোচৰ ৰুজু কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে । উপেন্দ্ৰ পাণ্ডেক আদালতত হাজিৰ কৰি পৰৱৰ্তী জেৰাৰ বাবে ন্যায়িক জিম্মাত লোৱা হৈছে । তেওঁৰ বাসগৃহত তালাচীও চলোৱা হৈছে ।

চি আই ডিয়ে সাধাৰণ জনতাক এনে ব্যক্তিৰ পৰা আঁতৰি থকাৰ আহ্বান জনোৱাৰ লগতে এনে কাৰ্যকলাপৰ সন্মুখীন হ’লে তৎক্ষণাত চি আই ডিক ০৩৬১-২৫২৯১৫৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: প্ৰৱল বৰষুণৰ সম্ভাৱনা: বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.