ETV Bharat / state

কেৰলৰ ধ্বনিত মুখৰিত মহানগৰীৰ গীৰ্জাঘৰসমূহ - বিশ্ব শান্তিৰ বাবে সমূহীয়া প্ৰাৰ্থনা

Christmas celebrates : চাওঁতে চাওঁতে আজি আহি পালে খ্ৰীষ্ট্ৰান ধৰ্মাৱলম্বীসকলৰ হেঁপাহৰ দিন খ্ৰীষ্টমাছ ৷ অৰ্থাৎ পবিত্ৰ বৰদিন ৷ বৰদিন উপলক্ষে পুৱাৰে পৰা কেৰলৰ ধ্বনিত মুখৰিত হৈ পৰিছে গীৰ্জাঘৰসমূহ ৷

Christmas celebrates in Guwahati
আজি পবিত্ৰ বৰদিন
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 3:44 PM IST

আজি পবিত্ৰ বৰদিন

গুৱাহাটী,25 ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন ৷ অৰ্থাৎ খ্ৰীষ্টমাছ ৷ প্ৰতি বছৰে যীশু খ্ৰীষ্টৰ পবিত্ৰ জন্মদিন উদযাপন কৰাৰ লক্ষ্যৰে 25 ডিচেম্বৰলৈ খ্ৰীষ্ট্ৰান ধৰ্মাৱলম্বীসকলে হেঁপাহেৰে অপেক্ষা কৰি থাকে ৷ বৰদিন মানেই যেন আনন্দৰ উৎসৱ ৷ সুখ, হাঁহি, মৰম ভালপোৱাৰ উৎসৱ ৷ বিশ্বজুৰি আজি উদযাপন কৰা হৈছে খ্ৰীষ্টান লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন ৷

আজি পবিত্ৰ বৰদিন উপলক্ষে পুৱাৰে পৰা কেৰলৰ ধ্বনিত মুখৰিত হৈ পৰিছে গীৰ্জাঘৰসমূহ । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ প্ৰধান উৎসৱ বৰদিনক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে মহানগৰীত । এই পবিত্ৰ দিনটোত প্ৰভু যীশুক সুঁৱৰি ভক্তসকলে বিশ্ব শান্তিৰ বাবে গীর্জাই গীর্জাই কৰিছে সমূহীয়া প্ৰাৰ্থনা ।

কেৰলৰ সুমধুৰ ধ্বনি, ধর্মালোচনা, প্ৰীতিভোজ, চমকপ্ৰদ আলোকসজ্জা, শুভেচ্ছা বিনিময়, উপহাৰ বিনিময়পৰ্ব আদিয়ে মধুময় কৰি তুলিছে উৎসৱৰ পৰিৱেশ । বাদ পৰি ৰোৱা নাই মহানগৰীৰ গীৰ্জাঘৰসমূহো ৷ মহানগৰীৰ ডনবস্ক’ গীৰ্জা, গুৱাহাটী খ্ৰাইষ্ট গীৰ্জাকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত থকা গীৰ্জাত পুৱাৰে পৰা দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে । যীশুৰ এই পবিত্ৰ জন্মদিন উপলক্ষে মমবাতি জ্বলাই দৰ্শনাৰ্থীয়ে গ’ড (God)ৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা গৈছে ।

বৰদিনৰ সৈতে জড়িত হৈ আছে ছান্টাক্ল’জ বা ফাডাৰ খ্ৰীষ্টমাছে সকলোলৈ উপহাৰ অনাৰ দৰে উপকথা ৷ খ্ৰীষ্টমাছ বুলি ক’লেই সাধাৰণতে সকলোৰে মনলৈ আহে খ্ৰীষ্টমাছ ট্ৰি, নানান আলোকসজ্জাৰে ঘৰ পোহৰাই তোলা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি-নীতি পালন কৰি বিভিন্ন সুস্বাদু খাদ্যৰ জুতি লোৱা ৷ এয়াই বৰদিনৰ মাদকতা ৷

লগতে পঢ়ক : Year-ender 2023: বায়ু প্ৰদূষণৰ বাবে অস্বস্তিত দিল্লীবাসী, পূৰ্বৰ সকলো অভিলেখ ভংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.