ETV Bharat / state

লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম হৈ থাকিব : চিত্তৰঞ্জন বসুমতাৰী - অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে দল ত্যাগ

লুৰীণজ্যোতি গগৈক ৰাম আৰু নিজকে লক্ষ্মণ আখ্যা দিলে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ লুৰীণজ্যোতি গগৈক এৰি থৈ আহি আবেগিক হৈ পৰা বুলি জনালে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ অসম জাতীয় পৰিষদক লুৰীণজ্যোতি গগৈয়ে ৰাম হৈ আগবঢ়াই নিব বুলি মন্তব্য কৰে চিত্তৰঞ্জন বসুমতাৰীয়ে ৷

Chittaranjan Basumatary on Lurinjyoti Gogoi
লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম হৈ থাকিব: চিত্তৰঞ্জন বসুমতাৰী
author img

By

Published : May 29, 2022, 5:36 PM IST

গুৱাহাটী, ২৯ মে’: "লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম হৈ থাকিব । মই লক্ষ্মণ হৈ যুঁজিছিলো নোৱাৰিলোঁ । আধা বাটতে থাকি গ’লো । ৰাম জয়ী হোৱাটো বিচাৰিছো । তেওঁ জয়ী হৈ আহিব ।" লুৰীণজ্যোতি গগৈক ৰাম আখ্যা দি এনেদৰে ক’লে অসম জাতীয় পৰিষদ ত্যাগ কৰা চিত্তৰঞ্জন বসুমতাৰীয়ে (Chittaranjan Basumatary on Lurinjyoti Gogoi)৷

দল ত্যাগৰ ৪৮ ঘন্টাৰ পাছত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘জাতীয়তাবাদ আছে, আছিল আৰু ভৱিষ্যতেও থাকিব । অসম মোৰ বাবে আৰু মই অসমৰ বাবে সদায় থাকিম ।’’ দলৰ বিশৃংঙ্খলতাবোৰ লুৰীণজ্যোতি গগৈয়ে দূৰ কৰিব বুলি আশাবাদী চিত্তৰঞ্জন বসুমতাৰী । জাতীয়তাবাদ প্ৰতিষ্ঠা, অসমত সুস্থ পৰিৱেশ ৰচনা, সুস্থ মূল্যবোধৰ ৰাজনীতি কৰাত লুৰিণজ্যোতিক সহায় কৰিবলৈ ৰাইজক আহ্বান জনায় তেওঁ কয়, ‘‘অসমৰ বাবে কাম কৰি যাম । মই মোৰ স্থিতিত মই অটল আছোঁ । অৰাজনৈতিকভাৱে থাকিব বিচাৰিছো । ৰাজনীতিৰ পৰা মুক্ত হ’ব বিচাৰিছো ।’’

অজাপ ত্যাগ কৰাৰ পাছত চিত্তৰঞ্জন বসুমতাৰীৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে দল ত্যাগ কৰা সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতিলৈ শুকুৰবাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল । দলটোৰ সাংগঠনিক কাম-কাজত ক্ষুদ্ধ হৈ চিত্তৰঞ্জন বসুমতাৰীয়ে দল ত্যাগ কৰা বুলি পত্ৰযোগে জানিবলৈ দিছিল (Chittaranjan Basumatary quits AJP)।

অসম জাতীয় পৰিষদ গঠনৰ ক্ষেত্ৰত চিত্তৰঞ্জন বসুমতাৰীৰ এক অন্যতম ভূমিকা আছিল । ২০২১ চনত বিধানসভা নিৰ্বাচনত ধেমাজি সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ চিত্তৰঞ্জন বসুমতাৰী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰা চিত্তৰঞ্জন বসুমতাৰী আছিল দ্বিতীয় স্থানত । চিত্তৰঞ্জন বসুমতাৰী ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থী আছিল । মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনত তেওঁ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়ায় যদিও বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰে ।

আনহাতে পীয়ুষ হাজৰিকাই চিত্তৰঞ্জন বসুমতাৰীৰ দলত্যাগৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, পীযুষ হাজৰিকা আৰু লুৰীণজ্যোতি গগৈ কোনো প্ৰকাৰে নিমিলে ৷ পীযুষ হাজৰিকাৰ দৰে লুৰীণজ্যোতি গগৈয়ে তৰল মন্তব্য নকৰে ৷ পীযুষ হাজৰিকাই বাল্মিকী হোৱাৰ চেষ্টা কৰিছে (Chittaranjan Basumatary on Pijush Hazarika)৷

লগতে পঢ়ক: Assam Cabinet Decision: অসম আন্দোলনৰ নিৰ্যাতিতলৈ আগবঢ়াব ২ লাখ টকাকৈ এককালীন সাহায্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.