গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অসমত বেছি হোৱাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হোৱা বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান চলোৱা হৈছে (Operation against child marriage)। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত আৰক্ষীয়ে ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান জোৰদাৰ কৰি তোলা পৰিলক্ষিত হৈছে । কিন্তু এই অভিযান চলি থকাৰ সমান্তৰালভাৱে মাতৃ আৰু শিশুৰ স্বাস্থ্যজনিত আন কেতবোৰ চিন্তনীয় দিশ পোহৰলৈ আহিছে (Maternal and child health) । লক্ষণীয় বিষয় যে ৰাজ্যখনত ৰক্তহীনতা আৰু অপুষ্টি তথা পুষ্টিহীনতাত ভোগা শিশু আৰু মহিলাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে (Children and women suffering from anemia and malnutrition)।
![anemia and malnutrition suffering women child](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-in-assam-increase-in-the-number-of-children-and-women-suffering-from-anaemia-and-malnutrition-7209925_11022023131850_1102f_1676101730_651.jpeg)
স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবছৰে বিশাল পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে যদিও বাস্তৱত ৰাজ্যখনত ইয়াৰ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গৈছে । লক্ষণীয়ভাৱে, কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই পুষ্টিহীনতাৰ ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় হাৰকো ইতিমধ্যে চেৰ পেলাইছে । তথ্য অনুসৰি অপুষ্টিৰ ফলত পাঁচ বছৰ বয়সৰ তলৰ ৰাজ্যৰ ৩৫.৩ শতাংশ শিশুৰ শাৰীৰিক বিকাশ বাধাগ্রস্ত হৈছে (Physical development of children) । যাৰ ফলত ২১.৭ শতাংশ শিশু হৈ পৰিছে অতিশয় ক্ষীণ ।
![anemia and malnutrition suffering women child](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-in-assam-increase-in-the-number-of-children-and-women-suffering-from-anaemia-and-malnutrition-7209925_11022023131850_1102f_1676101730_1098.jpeg)
একেদৰে বয়স অনুসৰি ৰাজ্যৰ ৩২.৮ শতাংশ শিশুৰে ওজন যথেষ্ট কম । এইক্ষেত্ৰতো অসমে ৰাষ্ট্ৰীয় গড়ক চেৰ পেলাইছে । ৰাষ্ট্ৰীয় পৰ্যায়ত অতিশয় ক্ষীণ শিশুৰ হাৰ ১৯.৩ ৷শতাংশ হোৱাৰ লগতে পর্যাপ্ত ওজন নথকা শিশুৰ হাৰ ৩২.১ শতাংশ । এই তথ্যৰ দ্বাৰা স্পষ্ট হৈ পৰিছে ৰাজ্যখনত শিশুসকল অপুষ্টিত ভোগা চিত্ৰখন । লক্ষণীয় বিষয় যে বাল্য বিবাহৰ ফলত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ উপৰি কম বয়সতে মাতৃ হোৱাৰ ফলত ৰাজ্যৰ প্ৰায় সংখ্যক মহিলাৰ লগতে তেওঁলোকৰ সন্তানসমূহ ৰক্তহীনতাত ভুগিছে ।
![anemia and malnutrition suffering women child](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-in-assam-increase-in-the-number-of-children-and-women-suffering-from-anaemia-and-malnutrition-7209925_11022023131850_1102f_1676101730_789.jpeg)
তথ্য অনুসৰি ৰাজ্যৰ পাঁচ বছৰৰ তলৰ ৬৮.৪ শতাংশ শিশুৱেই ৰক্তহীনতাৰ সমস্যাৰে জৰ্জৰিত । আনহাতে ৰক্তহীনতাত ভোগা ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ হাৰ হৈছে ৬৬.৪ শতাংশ । সেইদৰে এই বয়সৰ ৰক্তহীনতাত ভোগা গৰ্ভৱতী মহিলাৰ হাৰ হৈছে ৫৪.২ শতাংশ । একেদৰে ৰক্তহীনতাত ভোগা ১৫ বছৰৰ পৰা ১৯ বছৰৰ বয়সৰ যুৱতীৰ হাৰ হৈছে ৬৭ শতাংশ । অতি উদ্বেগৰ বিষয় যে ৰাজ্যত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অত্যন্ত বেছি । যাৰ পৰিপ্ৰেক্ষিততে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে শেহতীয়াকৈ অভিযান চলোৱা পৰিলক্ষিত হৈছে ।
![anemia and malnutrition suffering women child](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-in-assam-increase-in-the-number-of-children-and-women-suffering-from-anaemia-and-malnutrition-7209925_11022023131850_1102f_1676101730_479.jpeg)
উল্লেখ্য যে, ২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৰাজ্যত এক লাখ শিশুৰ জন্মৰ বিপৰীতে ১৯৫ গৰাকী প্ৰসূতিৰ মৃত্যু হৈছে । একেদৰে প্ৰতি এক হাজাৰ শিশুৰ জন্মৰ বিপৰীতে ৰাজ্যখনত ৩৬ টা নৱজাতকৰ মৃত্যু হৈছে । এই তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনত কিদৰে প্ৰতিবছৰে নৱজাতক আৰু প্ৰসূতিৰ মৃত্যু ঘটি আছে । এই সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসক ডাঃ ডলী কলিতাই জনোৱা মতে ৰাজ্যখনত দেখা দি অহা এই পৰিস্থিতিৰ মূলতেই হৈছে বাল্য বিবাহ । কম বয়সতে বিবাহ হৈ সন্তান জন্ম দিয়াৰ ফলত প্ৰায়সংখ্যক মহিলাৰে স্বাস্থ্যৰ অৱনতি ঘটে । বহু সময়ত মহিলাগৰাকী আনকি মৃত্যুৰ মুখতো পৰা দেখিবলৈ পোৱা যায় ।
![anemia and malnutrition suffering women child](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-in-assam-increase-in-the-number-of-children-and-women-suffering-from-anaemia-and-malnutrition-7209925_11022023131850_1102f_1676101730_634.jpeg)
আনহাতে ৰক্তহীনতাত ভোগে এনেধৰণৰ প্ৰতিগৰাকী মহিলা । কম বয়সত সন্তান জন্ম দিলে মাতৃৰ দৰে শিশুৰো স্বাস্থ্যৰ অৱনতি ঘটে । শেহতীয়াকৈ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা তীব্ৰ অভিযানে ভৱিষ্যতে এইক্ষেত্রত ইতিবাচক দিশ নিৰ্ণয় কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে (anemia and malnutrition suffering women child)।
লগতে পঢ়ক : Naxalites shot BJP leader : ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাওবাদীয়ে গুলীয়ালে বিজেপি নেতাক