গুৱাহাটী,৩ জুলাই: ৰাজ্যজুৰি এতিয়াও অব্যাহত বানৰ তাণ্ডৱ(Flood situation in Assam) । চৰকাৰী তথ্য মতেই এতিয়াও বানত প্লাবিত হৈ আছে ২৭ খন জিলাৰ ১,৯৩৪ খন গাঁও । বৰ্তমানো কপিলী, চেনিমাৰী আৰু বুঢ়িদিহিং নৈৰ লগতে তেজপুৰ,ধুবুৰী আৰু নিমাতীঘাটত ব্ৰহ্মপুত্রৰ জলপৃষ্ঠ বিপদসীমাৰ বহু ওপৰৰে বৈ আছে । বানৰ সৈতে বর্তমানেও সহৱস্থান কৰি আছে ৰাজ্যৰ ২২ লক্ষাধিক লোকে(More than 22 lakh people in flood affected Assam) । ইফালে চৰকাৰ-প্ৰশাসনৰ ফালৰ পৰা স্থাপন কৰা ৪০৪ টা আশ্রয় শিবিৰত অৱস্থান কৰি আছে ২.৭৭ লাখ লোকে ।

আনহাতে আশ্রয় শিবিৰতে বন্দী হৈ আছে ৰাজ্যৰ ৭০ হাজাৰ শিশু । চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে বর্তমান আশ্রয় শিবিৰত আছে ৬৯,৪৫৭ টি শিশু । যিসকলৰ অধিকাংশৰে শিক্ষা লাভৰ সকলো কিতাপ পত্ৰ ইতিমধ্যে বানত নষ্ট হৈ গৈছে(Bad condition of flood victims in shelter camp) ৷ যাৰ পৰিপ্ৰেক্ষিত ভৱিষ্যতক লৈ এইসকল শিশুৰ অভিভাৱকসকল চিন্তিত হৈ পৰিছে । নিশাটোৰ ভিতৰতে অহা বানে বহু শিশুৰ প্ৰয়োজনীয় কিতাপ পত্ৰ উটুৱাই লৈ যোৱাৰ ফলত অনিশ্চিত হৈ পৰিছে শিশুসকলৰ বৱিষ্যত ।

ইফালে আশ্ৰয় শিবিৰত থকা এই শিশুসকলৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰো অভাৱ ঘটিছে । সেইদৰে আজিও আশ্রয় শিবিৰতে আছে ৪১৫ গৰাকী গৰ্ভৱতী তথা প্রসূতি । আশ্রয় শিবিৰত থকা-খোৱা তথা চলা ফুৰাত ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱা প্ৰসূতি আৰু গৰ্ভৱতী মহিলাসকলে পাৰ কৰিছে ভয়ংকৰ পৰিস্থিতি । এক কথাত বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ ক্ষেত্রত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে চৰকাৰ। উল্লেখ যে এতিয়ালৈকে ৰাজ্যত বান-ভূমিস্খলনত ১৭৪ জনৰ লোকৰ প্ৰাণহানি হৈছে ।
লগতে পঢ়ক: আত্মহত্যা কৰিবলৈ উঠিল গছত; উদ্ধাৰ কৰিলে অগ্নিনিৰ্বাপক বাহিনীয়ে