ETV Bharat / state

National Childrens Science Congress: ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত দর্শিত

author img

By

Published : Dec 20, 2022, 6:32 PM IST

Updated : Dec 20, 2022, 7:52 PM IST

জানুৱাৰীত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগাীয়া ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে নলবাৰীৰ দৰ্শিত কাশ্যপ । উল্লেখ্য় যে ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে অসমৰ ২৮ গৰাকী শিশু বিজ্ঞানী (National Childrens Science Congress 2022 23)।

National Children Science Festival
ৰাজ্যিক বিজ্ঞান মেলা
ৰাজ্যিক বিজ্ঞান মেলা

গুৱাহাটী, ২০ডিচেম্বৰ: "সু-স্বাস্থ্য আৰু সৰ্বাংগীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজো আঁহা" শীৰ্ষক মূল মন্ত্ৰৰে তেজপুৰত অনুষ্ঠিত ২০২২ বৰ্ষৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সোমবাৰে সামৰণি পৰে (State Childrens Science Festival at Tezpur)। এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে অসমৰ বিভিন্ন জিলাৰ ২৮গৰাকী শিশু বিজ্ঞানী (Selected for National Children Science Congress)।

উক্ত শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে নলবাৰীৰ শিশু বিজ্ঞানী দৰ্শিত কাশ্যপ । সোমবাৰে ঘোষণা কৰা ফলাফল অনুসৰি নলবাৰী জিলাৰ টিহুৰ বিনেকানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ দর্শিত কাশ্যপৰ প্ৰকল্পটো অহা জানুৱাৰীত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগাীয়া ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে (National Childrens Science Congress 2022 23 at Ahmedabad)।

উল্লেখ্য় যে টিহুৰ নিবাসী ৰবীন কলিতা আৰু পাপৰি কলিতাৰ একমাত্ৰ পুত্ৰ দর্শিতে টিহুৰে প্ৰাচুৰ্য হালৈৰ সৈতে প্ৰাক্তন শিশু বিজ্ঞানী হিমাস্মিতা ডেকাৰ তত্বাৱধানত এই প্ৰকল্প কৰিছিল । "প্ৰাকৃতিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপৰ ওপৰত ইয়াৰ প্ৰভাৱ" শীৰ্ষক প্ৰকল্পটো যোৱা ১১ ডিচেম্বৰত বৰভাগ মহাবিদ্যালয়ত অনুষ্ঠিত নলবাৰী জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমাৰোহত অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জিলা সমন্নয়ক প্ৰদীপ মহন্ত আৰু জিলা শিক্ষা সমন্নয়ক চাণ্ডামিতা শৰ্মাৰ তত্বাৱধানত যোগদান কৰে নলবাৰীৰ এই দলটোৱে ৷

এই সফলতাৰ বাবে জিলা উপায়ুক্ত গীতিমনি ফুকন, বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া,জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা,ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলাৰ সভাপতি ড৹দীনমনি ভাগৱতী, শিক্ষা সমিতিৰ সভাপতি ড৹ মহানন্দ পাঠক, টিহুৰ শিক্ষাবিদ সমাজকৰ্মী প্ৰমোদ ডেকা,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নলবাৰী, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ টিহুকে ধৰি নলবাৰী আৰু টিহুৰ কেইবাটাও দল-সংগঠনৰ লগতে শুভাকাংক্ষীসকলে অভিনন্দন জ্ঞাপন কৰিছে ।

উল্লেখ্য যে,যোৱা ১৬ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত শিশু বিজ্ঞান সমাৰোহ আৰু অসম চৰকাৰৰ ৰাজ্যিক বিজ্ঞান মেলাৰ সোমবাৰে সামৰণি পৰে (Tezpur Government Higher Secondary School)। উক্ত সামৰণি অনুষ্ঠানত ৰাজ্যখনৰ ৩১খন জিলাৰ পৰা নিৰ্দিষ্ট বিষয়ৰ আৰ্হি প্ৰকল্পৰে অংশ গ্ৰহণ কৰা শিশু বিজ্ঞানী সকলৰ ২৮ গৰাকীকৈ শিশু বিজ্ঞানী ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হয় ।

লগতে পঢ়ক:Assam Book Fair Guwahati : ২৯ ডিচেম্বৰৰ পৰা চানমাৰিত দ্বিতীয় অসম গ্ৰন্থমেলা

Last Updated : Dec 20, 2022, 7:52 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.