ETV Bharat / state

নিৰ্বাচন সন্দৰ্ভত কি ক'লে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই - ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া

এইবাৰৰ নিৰ্বাচনত অতিৰিক্তভাৱে অসমত স্থাপন কৰা হ’ব ৫,৩২৫টা ভোটগ্ৰহণ কেন্দ্ৰ । শনিবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেয়ে । আৰু কি ক'লে নিৰ্বাচনী বিষয়াই...

chief electoral officer of the state said about the elections
নিৰ্বাচনৰ সন্দৰ্ভত কি ক'লে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই
author img

By

Published : Feb 27, 2021, 8:56 PM IST

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ নিৰ্বাচনত অতিৰিক্তভাৱে অসমত স্থাপন কৰা হব ৫,৩২৫টা ভোটগ্ৰহণ কেন্দ্ৰ । শনিবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেয়ে । তেওঁ কয়, 1 হেজাৰতকৈ অধিক ভোটদাতা থকা কেন্দ্ৰসমূহৰ সমীপৰত অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব ।

সৰ্বমুঠ ৩৩,৫৩০ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ইতিমধ্যে ভোটগ্ৰহণৰ প্ৰক্ৰিয়াটো সুচাৰুভাৱে পৰিচালনা কৰিবলৈ ২,৪১,০০ গৰাকী নিৰ্বাচনী বিষয়াক প্ৰশিক্ষণ দি থকা হৈছে । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন ভোটদাতাক ভোটদান কক্ষত প্ৰবেশ কৰাৰ সময়ত দিয়া হ’ব ডিচপ'জেবল গ্ল'ভছ । সেই একেদৰে ক'ভিড আক্ৰান্ত লোক, ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ লোক আৰু দিব্যাংগ ভোটাৰৰ বাবে ব্যৱস্থা কৰা হৈছে পোষ্টেল বেলটৰ । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেয়ে কয় ৷

নিৰ্বাচন সন্দৰ্ভত কি ক'লে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই

উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত অসমত সৰ্বমুঠ ২,৩১,৮৬,৩৬২ গৰাকী ভোটদাতাই তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব । ইয়াৰে ১,১৭,৪২,৬৬১ গৰাকী পুৰুষ আৰু ১,১৪,৪৩,২৫৯ গৰাকী হৈছে মহিলা ভোটাৰ । তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৪৪২ গৰাকী । একেদৰে "ডি" ভোটাৰৰ সংখ্যা হৈছে ১,০৮,৫৯৬ গৰাকী ।

ইফালে, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে অনুষ্ঠিত কৰা নিৰ্বাচনী সভা আৰু প্ৰচাৰ অভিযানৰ ক্ষেত্ৰতো কেতবোৰ নতুন নিয়মৰ ব্যৱস্থা কৰা হৈছে । নিৰ্বাচন আয়োগে অসমৰ বিভিন্ন অঞ্চলত ২,০২৯ টা স্থান নিৰ্ধাৰণ কৰি দিছে য’ত ৰাজনৈতিক প্ৰচাৰ সভাসমূহ অনুষ্ঠিত কৰিব পাৰিব ।

সমান্তৰালভাৱে নিৰাপত্তাৰ দিশটোতো অসম সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰে খাৰেই । ইতিমধ্যে ৪০ টা চি আৰ পি এফৰ কোম্পানী অসমত মোতায়ন কৰা হৈছে । মাৰণাস্ত্ৰ জব্দ আৰু অবৈধ সুৰাৰ বিৰুদ্ধেও অভিযান অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে নীতিন খাৰেয়ে ৷

লগতে পঢ়ক: অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ চেষ্টা চলাম : তেজস্বী যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.