ETV Bharat / state

মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ সংবাদমেল

author img

By

Published : Mar 25, 2021, 6:56 PM IST

বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত সংবাদমেল সম্বোধন ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ ৷ সংবাদমেলত নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ পৰা 24 মাৰ্চলৈ জব্দ হোৱা নগদ ধন আৰু মাৰণাস্ত্ৰৰ পৰিমাণ দাঙি ধৰে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে ৷

nitin-khade-pressmeet
নীতিন খাড়েৰ সংবাদমেল

গুৱাহাটী,25 মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ পৰা 24 মাৰ্চলৈ 87 কোটি 96 লাখ টকা নগদ ধন জব্দ কৰা হৈছে । ইয়াৰ ভিতৰত নগদ ধনৰ উপৰি ড্ৰাগছৰ মূল্যও আছে । বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলযোগে এই তথ্য সদৰী কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে । স্বচ্ছ আৰু নিকাভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন বিভাগ সম্পূৰ্ণভাৱে সাজু বুলি উল্লেখ কৰি খাড়েয়ে কয় যে, ‘‘27 মাৰ্চত 47 টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 81,09,815 গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত 40,77,210 জন পুৰুষ, 40,32,481 গৰাকী মহিলা আৰু 124 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ 264 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 241 জন পুৰুষ আৰু 23 গৰাকী মহিলা প্ৰাৰ্থী । প্ৰথম পৰ্যায়ত সৰ্বাধিক 3,11,660 গৰাকী ভোটাৰ থকা সমষ্টি হৈছে জোনাই আৰু কমসংখ্যক 1,15,471 গৰাকী ভোটাৰ থকা সমষ্টি হৈছে থাওৰা । ৰাজ্যৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টি হৈছে দিছপুৰ সমষ্টি আৰু সমষ্টিটোত 4,11,636 গৰাকী ভোটাৰ আছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন মুঠ 11,537 টা ভোটকেন্দ্ৰত সম্পন্ন হ'ব আৰু ইয়াৰে 1,917 টা অতিৰিক্ত ভোটকেন্দ্ৰ । আনহাতে তিনিটা পৰ্যায়ৰ নিৰ্বাচন মুঠ 33,530 টা ভোটকেন্দ্ৰত সম্পন্ন হ'ব ।

এইবেলি ক’ভিড প্ৰট’কলৰ বাবে ভোটকেন্দ্ৰৰ সংখ্যা বৃদ্ধি পাইছে । লগতে 5 হাজাৰ ভোটকেন্দ্ৰ বৃদ্ধি কৰা হৈছে । নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সূচাৰুৰূপে চলাই নিয়াৰ বাবে ৰাজ্যৰ 2,41,269 গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী জড়িত হৈ আছে । স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰকে ধৰি 50 শতাংশ ভোটকেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । নিয়ন্ত্ৰণ কক্ষৰ দ্বাৰা এই কেন্দ্ৰসমূহ পৰ্যবেক্ষণ কৰা হ'ব ।

মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে সদৰী কৰা মতে, নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ পৰা 24 মাৰ্চলৈ ৰাজ্যজুৰি বিভিন্ন বিভাগে চলোৱা অভিযানত বুজন পৰিমাণৰ নগদ ধন আৰু ড্ৰাগছ জব্দ কৰা হৈছে । ইয়াৰ পৰিমাণ হৈছে 87 কোটি 96 লাখ টকা । আনহাতে, বৰ্তমানলৈকে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ 2 হাজাৰৰো অধিক অভিযোগ পোৱা গৈছে আৰু এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইতিমধ্যে 2 লাখৰো বেছি হ’ৰ্ডিং-বেনাৰ আদি আঁতৰ কৰোৱা হৈছে ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ক’ভিড প্ৰট’কল মানি চলাৰ বাবে নিৰ্দেশনা দিয়া হৈছে । এইক্ষেত্ৰত জিলা উপায়ুক্তসকলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে । আনহাতে, সাম্প্ৰদায়িক মন্তব্য কৰাসকলৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শান্তিপূৰ্ণভাৱে স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগ কৰাৰ বাবে নিৰ্বাচনী আয়োগে সকলোৰে প্ৰতি আহ্বান জনাইছে । স্পৰ্শকাতৰ ভোটকেন্দ্ৰত চিআৰপিএফ আৰু অসম আৰক্ষীৰ জোৱানকে ধৰি 6 গৰাকীকৈ নিৰাপত্তাৰক্ষী থাকিব ।

ইয়াৰোপৰি, অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰত ইয়াৰ দুগুণ নিৰাপত্তাৰক্ষী থাকিব । ভোটাৰ ৰাইজক মাস্ক পৰিধান কৰাৰ লগতে ক’ভিড প্ৰট’কলসমূহ মানি চলি ভোটদান কৰাৰ বাবে আহ্বান জনাইছে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে । লগতে তেওঁ ভোটকেন্দ্ৰসমূহত মাস্কৰ ব্যৱস্থা থাকিব যদিও ভোটাৰে নিজে পৰিধান কৰিলে ভাল হয় বুলি মন্তব্য কৰে ।

উক্ত সংবাদমেলত অসম আৰক্ষীৰ মহা পৰিদৰ্শক দীপক কুমাৰ কেডিয়াই কয় যে, নিৰ্বাচনৰ দিন ঘোষণাৰ পৰা বৰ্ত্তমানলৈ 2.29 কোটি টকাৰ সুৰা জব্দ কৰাৰ উপৰিও 10 কোটি টকাৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। তদুপৰি 5402টা মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। আনহাতে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰৰ প্ৰায় 90 শতাংশ জিম্মাত লোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : দুলীয়াজানত ৰাজনৈতিক ক্ষেত্ৰৰ এক বিৰল দ্শ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.